জৰাজীৰ্ণ দলঙে জীয়াতু ভোগাইছে বিলাসীপাৰাবাসীক
পশ্চিম বিলাসীপাৰাৰ বগৰীবাৰী আটানীৰ পৰা গুটিপাৰা লৈ যোৱা পথত থকা এখন বাঁহৰ দলঙে জীয়াতু ভোগাইছে ৰাইজক ৷ বহুবাৰ স্থানীয় বিধায়ক তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক বহুবাৰ আবেদন-নিবেদন জনোৱাৰ পাচতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে ৷
বিহালীত বিশ্ব পৰিৱেশ দিৱস পালন
সমগ্ৰ ৰাজ্যৰ লগতে বিহালীতো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কাৰ্যসূচী পালন কৰা হয় ৷ উক্ত কাৰ্যসূচীত বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত উপস্থিত থাকে ৷
শিৱসাগৰত উদযাপন বিশ্ব পৰিৱেশ দিৱস
শিৱসাগৰৰ মাৰোৱাড়ী যুৱ মঞ্চৰ প্ৰগতি শাখাৰ উদ্যোগত থানুৰাম গগৈ মেম'ৰিয়েল বিদ্যালয়ত উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস(World Environment Day)। বিশ্ব পৰিৱেশ দিৱস(World Environment Day)ৰ লগত সংগতি ৰাখি সংগঠনটোৱে বিদ্যালয় চৌহদত গছপুলি ৰোপণ(Trees Planting) কৰাৰ লগতে চেনিটেৰি নেপকিন প্ৰস্তুত কৰা এটা মেচিন আৰু বিনামূলীয়াকৈ এটা অক্সিজেন চিলিণ্ডাৰ প্ৰদান কৰে ।
বিজেপি নেতা শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে চৰকাৰী সাহায্য চুৰিৰ অভিযোগ
কান্থী পৌৰসভাৰ কাৰ্যালয়ৰ পৰা চৰকাৰী সাহায্য তিৰপাল চুৰিৰ অভিযোগ উত্থাপিত হৈছে পশ্চিমবংগৰ বিজেপি নেতা শুভেন্দু অধিকাৰী আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে ৷
পশ্চিমবংগৰ বিজেপি কাৰ্যালয়ত বোমা উদ্ধাৰ
পশ্চিমবংগৰ বিজেপি কাৰ্যালয়ৰ ওচৰে পাজৰে উদ্ধাৰ হৈছে 54 টাকৈ হস্তনিৰ্মিত বোমা ৷ বোমা নিস্ক্ৰিয়কাৰী দল মোতায়েন কৰা হৈছে ঘটনাস্থলীত ৷