GDP: ২০২০-২১ বৰ্ষত ভাৰতত ৭.৩ শতাংশ হ্ৰাস
সোমবাৰে চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২০-২১ বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (Gross Domestic Product)ৰ বৃদ্ধি ৭.৩ শতাংশ হ্ৰাস পাইছে । ২০১৯-২০ বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন(GDP)ৰ সংকোচনৰ হাৰ আছিল ৪ শতাংশ ।
Asian Boxing Championship: বঞ্জৰ পদক লাভ লাভলীনা বৰগোহাঁইৰ
এছিয়ান বক্সিং চেম্পিয়নশ্বিপ(Asian Boxing Championship)ত বঞ্জৰ পদক অৰ্জন কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁয়ে(Lovlina Borgohain) । এই সাফল্যৰ পিছতে বক্সাৰগৰাকীক অভিনন্দন জনালে বিভিন্ন দল-সংগঠনে । ৬৯ কিলোৰ শাখাত বঞ্জৰ পদক লাভ কৰে লাভলীনাই ।
ক'ভিড নিগেটিভ হোৱাৰ পিছত পুনৰ অসুস্থ হোৱা ৰোগীক চিকিৎসা কৰিব HAMM হাস্পতালে
ক'ভিড-১৯ মহামাৰীৰ কবলৰ পৰা মুক্ত হোৱাৰ পিছতো বহু ৰোগীয়ে স্বাস্থ্যজনিত সমস্যাত ভোগে । কিন্তু উপযুক্ত চিকিৎসা লাভ কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হয় আৰু বিভিন্ন সমস্যাৰ সন্মুখীন হয় । সেয়ে, এনে ৰোগীক চিকিৎসা প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে এইছ এ এম এম হাস্পতাল(Haji Abdul Majid Memorial Hospital and research centre) কৰ্তৃপক্ষই ।
এটি দুৰ্ভগীয়া পৰিয়ালক প্ৰয়োজন আপোনাৰ সহায়ৰ
চামগুৰিৰ এটি দুৰ্ভগীয়া পৰিয়ালক প্ৰয়োজন আপোনাৰ সহায়ৰ ৷ কণ-কণ তিনিটি সন্তানৰ সৈতে থকা মজিবুৰ ৰহমানৰ সুখৰ সংসাৰলৈ হঠাৎ নামি আহিল অন্ধকাৰ ৷ পৰিয়ালটোৰ মূল উপাৰ্জনকাৰী মজিবুৰ ৰহমান দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ থকাত চিকিৎসাৰ বাবে সকলো হেৰুৱাই সৰ্বহাৰা হৈছে পৰিয়ালটো ৷
মুকালমুৱাত বজ্ৰপাত পৰি গুৰুতৰ ভাৱে আহত কিশোৰী
মুকালমুৱাৰ জয়সাগৰত বজ্ৰপাত পৰি গুৰুতৰ ভাৱে আহত এগৰাকী কিশোৰী । সংকট জনক অৱস্থাত জিএমচিএইছলৈ প্ৰেৰণ কৰা হৈছে আহত কিশোৰী গৰাকীক ৷