প্ৰতিলিটাৰ পেট্ৰ'লত ৪০ পইচা আৰু ডিজেলত ৪৫ পইচাকৈ বৃদ্ধি
বুধবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য । ধাৰাবাহিকভাৱে চতুৰ্থ দিনৰ বাবে দেশত বৃদ্ধি হৈছে এই মূল্য । বুধবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত ৪০ পইচাকৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৪৫ পইচাকৈ বৃদ্ধি পায় প্ৰতিলিটাৰ ডিজেলৰ মূল্য ।
মহানগৰীত পিপিই কিট আতংক
গুৱাহাটী মহানগৰীত পুনৰ পিপিই কিটৰ আতংক । মহানগৰীৰ উলুবাৰীত বিগত দুদিনে পৰি ৰৈছে এটা পিপিই কিট । আৰক্ষী-প্ৰশাসনৰ সময় নাই পিপিই কিটতো আঁতৰাই নিবলৈ ৷ ফলত আতংকিত হৈ পৰিছে জনসাধাৰণ ৷
OIL ৰ দুই নিখোজ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ
বাঘজান তৈল খাদত সংঘটিত ভয়াবহ অগ্নিকাণ্ডৰ ফলত মৃত্যুক সাৱটি লোৱা দুই OIL ৰ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ OIL ৰ অগ্নিনিৰ্বাপক বাহিনীৰ মৃত কৰ্মচাৰী দুজন হৈছে দুৰ্লভ গগৈ আৰু টিখেশ্বৰ গোঁহাই ৷ বিস্ফোৰণৰ সময়ত কৰ্তব্যৰত আছিল কৰ্মচাৰী দুজন ৷
আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী
গোৱালপাৰাৰ লক্ষীপুৰ নগৰৰ শিমুলবাৰীত আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযানত জব্দ হয় প্ৰায় 5 লক্ষাধিক মূল্য়ৰ নিচাজাতীয় সামগ্ৰী ৷ আৰক্ষীয়ে সামগ্ৰী খিনি জব্দ কৰাৰ লগতে, ৰবিউল ইছলাম নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
জম্মু কাশ্মীৰ সংঘৰ্ষ: নিহত দুই পাকিস্তানী সন্ত্ৰাসবাদী
জম্মু কাশ্মীৰৰ চোপিয়ান জিলাৰ চুগুত পাকিস্তানী সন্ত্ৰাসবাদী আৰু ভাৰতীয় সেনাৰ মাজত যুদ্ধ আৰম্ভ । গুলীয়াগুলিত নিহত হয় দুই পাকিস্তানী সন্ত্ৰাসবাদী ।