নিউজ ডেস্ক,24 জানুৱাৰী :তিনিদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ-পূৱ ভাৰত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসমৰ দুখনকৈ জিলাত জনসভাত অংশগ্ৰহণ কৰিব ৷ প্ৰথমে কোকৰাঝাৰ জিলাত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তিৰ প্ৰাক ক্ষণত জনতাক সম্বোধন কৰিব শ্বাহে ৷ তাৰ পিছতে নলবাৰী জিলাত বিজয় সংকল্প সমোৰহত অংশগ্ৰহণ কৰিব অমিত শ্বাহে ৷
আজি দুখনকৈ জনসভা সম্বোধন কৰিব অমিত শ্বাহে ইপিনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰাক মূহুৰ্তত শনিবাৰে কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডৰ নিৰাপত্তা প্ৰস্তুতিৰ অগ্ৰগতি সম্পৰ্কে বুজ ল’বলৈ গ্ৰীণফিল্ডত উপস্থিত হয় এডিজিপি এল আৰ বিঞ্চৈ ৷ একেদৰে নলবাৰী জিলাতো আৰক্ষী আৰু প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ৷
আজি দুখনকৈ জনসভা সম্বোধন কৰিব অমিত শ্বাহে আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী অসমত উপস্থিত হোৱাৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থা, ৰাইজৰ দল, অসম জাতীয় পৰিষদে CAAৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছুকে ধৰি ৰাইজৰ দলে অনশন, জোঁৰ সমদলৰে প্ৰতিবাদ কৰিছে ৷ ৰাইজৰ দলে অতি শীঘ্ৰে কাৰগাৰত বন্দী কৰি থোৱা অখিল গগৈক মুক্তিৰ দাবী জনাইছে ৷ ইপিনে উক্ত প্ৰতিবাদ মষিমূৰ কৰিবলৈ প্ৰশাসনে নলবাৰী জিলাত 144 ধাৰা জাৰি কৰিছে ৷ জনসভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসকে প্ৰমুখ্য কৰি বহু বিজেপিৰ নেতা উপস্থিত থাকিব ৷
আজি দুখনকৈ জনসভা সম্বোধন কৰিব অমিত শ্বাহে লগতে পঢ়কঃ অমিত শ্বাহৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ ললে এডিজিপি এল আৰ বিঞ্চৈই