গুৱাহাটী, ২১ আগষ্ট: ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অসমৰ অৱস্থা চূড়ান্তভাৱে শোচনীয় হৈ পৰিছে । ৰিজাৰ্ভ বেংকৰ শেহতীয়া তথ্যত বিনিয়োগৰ ক্ষেত্ৰত দেশৰ ভিতৰত অন্তিম স্থানত উপনীত হোৱাৰ কথা উল্লেখ কৰি এক সংবাদমেলত অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই এইদৰে মন্তব্য কৰে ।
অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কয় যে দেশৰ শীৰ্ষ ৫ ৰাজ্যৰ এখন কৰিম বুলি আস্ফালন কৰি ফুৰা, ৰাজ্যত বিকাশৰ গংগা বৈছে বুলি বক্তৃতাৰ ফুলজাৰি মাৰি ফুৰা ড৹হিমন্ত বিশ্ব শৰ্মাৰ শাসনত অসম দিনক দিনে বেয়াৰ ফালেহে গতি কৰিছে । শেহতীয়াকৈ ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি বিনিয়োগৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত অন্তিম স্থানত । আনহাতে, বিজেপি চৰকাৰে ঢাক ঢোল বজাই ২০১৮ চনত এডভেন্ট আছাম অনুষ্ঠিত কৰিছিল । আৰু ইয়াৰ পৰাও অসমে একো সুফল নাপালে ।
তেওঁ পুনৰ কয় যে ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত অসমৰ স্থান একেবাৰে শেষত । অৰ্থাৎ বিনিয়োগ বৃদ্ধিৰ বাবে কৰিবলগীয়া কামৰ পৰিৱৰ্তে বিহুৰ গীণিজ ৰেকৰ্ড স্থাপন আদি কামতহে সময় খৰচ কৰাটোক অগ্ৰাধিকাৰ দিয়া বাবেই ৰাজ্যখনে সকলোৰে দৃষ্টিত হাঁহিয়াতৰ পাত্ৰহে হ'বলগা হৈছে । যদি বিনিয়োগ নহয়, উদ্যোগ স্থাপন নহয় তেন্তে সংস্থাপনৰ সুযোগ সৃষ্টি কেনেকৈ হ'ব? সংস্থাপন নহ'লে মানুহৰ হাতলৈ ধন ক'ৰ পৰা আহিব ? ধন নাথাকিলে ক্ৰয় ক্ষমতা বৃদ্ধিৰ কোনো উপায় নাথাকে।