গুৱাহাটী, 23 জুন :গুৱাহাটীৰ ৰেডিশ্বন ব্লুত শিৱসেনাৰ বিসম্বাদী বিধায়কৰ সোঁত বৈ থকাৰ সময়তে বৃহস্পতিবাৰে তৃণমূল কংগ্ৰেছে ৰেডিশ্বন ব্লুৰ সম্মূখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে(TMC protest in Radisson Blu Guwahati) । অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি পৰিৱেশ পৰিস্থিতি উত্তপ্ত কৰি তোলে(State President of Assam Trinamool Congress protest) ।
উল্লেখ্য যে, 20ৰ পৰা 25 গৰাকী তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ ৰেডিশ্বন ব্লুৰ সম্মূখলৈ আগুৱাই আহে যদিও আৰক্ষীয়ে আগুছি ধৰে । প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ লগতে প্ৰতিবাদকাৰীসকলক আটক কৰি চোঁচৰাই বাছেৰে সেই স্থানৰ পৰা লৈ যায় ।