অসম

assam

ETV Bharat / state

কামাখ্যা গেটত দেশীয় সুৰাসহ আৰক্ষীৰ জালত তিনি - মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক

গুৱাহাটী কামাখ্যা গেটৰ সমীপত আৱকাৰী বিভাগে চলোৱা এক অভিযানত AS-02-G-3364 নম্বৰৰ এখন ভাৰ্না বাহনৰ পৰা 460 লিটাৰ দেশীয় সুৰা জব্দ কৰাৰ লগতে দুগৰাকী মহিলাসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে ।

three-arrested-with-liquor-near-kamakhya-gate-guwahati
কামাখ্যা গেটৰ সমীপত জব্দ দেশীয় সুৰা, মহিলাসহ তিনিজনক আটক

By

Published : Nov 4, 2021, 3:38 PM IST

গুৱাহাটী , 4 নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান ৷ প্ৰত্যেক দিনাই আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে বহুসংখ্যক নিচাজাতীয় সামগ্ৰী ৷ ইয়াৰ মাজতে গুৱাহাটী (Guwahati)ত আৱকাৰী বিভাগে কামাখ্যা গেট(Kamakhya Gate)ৰ সমীপত চলোৱা এক অভিযানত বুজন পৰিমাণৰ দেশীয় সুৰা জব্দ কৰে ৷

কামাখ্যা গেটৰ সমীপত জব্দ দেশীয় সুৰা, মহিলাসহ তিনিজনক আটক

কামৰূপ(Kamrup) মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাস আৰু উপ অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত গুৱাহাটী সদৰৰ আৱকাৰী পৰিদৰ্শক গোৱৰধন ডেকাৰ নেতৃত্বত আৱকাৰী বিভাগৰ এটা দলে এই অভিযান চলায় ৷

অভিযানত দলটোৱে এ এছ-02-জি-3364 নম্বৰৰ এখন ভাৰ্না বাহনৰ পৰা 460 লিটাৰ দেশীয় সুৰা জব্দ কৰাৰ লগতে দুগৰাকী মহিলাসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে ।

সুৰাখিনি ৰঙিয়‍া(Rangia)ৰ পৰা গুৱাহাটীলৈ বাহনখনত সৰবৰাহ কৰা হৈছিল বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি ধৃত কেইজনক আদালতত হাজিৰ কৰোৱা হয় । আদালতে তিনিও সৰবৰাহকাৰীকে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

ইফালে , বামুনীমৈদাম (bamunimaidam) বজাৰত বৃহস্পতিবাৰে পুৱা চলোৱা আন এক অভিযানত আৱকাৰী বিভাগৰ দলে 500 লিটাৰ দেশীয় সুৰা জব্দ কৰাৰ লগতে নষ্ট কৰে ।

লগতে পঢ়ক :দেহৰ অংগ প্ৰদানৰ বিনিময়ত প্ৰতাৰণাৰ বলি !

ABOUT THE AUTHOR

...view details