অসম

assam

ETV Bharat / state

Thief in Guwahati : বাহিৰৰ পৰা তলা মাৰি ঘৰৰ ভিতৰত চোৰৰ সফল অভিযান - Guwahati CP Diganta Borah

মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ তলা ফৰ্মূলাই কামত নিদিলে ৷ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ কথা নুশুনি বিপদত পৰিল দুটা পৰিয়াল ৷ আকৌ চুৰিকাণ্ড সংঘটিত হ’ল গুৱাহাটীত ৷ বাহিৰৰ পৰা তলা ওলোমোই কোঠাৰ ভিতৰত চোৰে চলালে সফল অভিযান (Thief in Guwahati)৷

Thief in Guwahati
বাহিৰৰ পৰা তলা মাৰি ঘৰৰ ভিতৰত চোৰৰ সফল অভিযান

By

Published : Jan 15, 2023, 10:38 PM IST

বাহিৰৰ পৰা তলা মাৰি ঘৰৰ ভিতৰত চোৰৰ সফল অভিযান

গুৱাহাটী, 15 জানুৱাৰী :তলা এটাই হওক বা দুটাই হওক, মুঠতে গুৱাহাটীত মুখ্যমন্ত্ৰীৰ ‘তলা ফৰ্মূলা’ কামত নাহিল ৷ বিপৰীতে গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ কথাই সত্য প্ৰমাণিত হ’ল ৷ স্মাৰ্ট আৰক্ষীক বিহু দেখুৱাই উৰুকাৰ দিনাই অভিনৱ কৌশেলেৰে গুৱাহাটীত চোৰে চলালে সফল অভিযান (Thief in Guwahati)৷

আৰক্ষী আয়ুক্তই কয় এটা, মুখ্যমন্ত্ৰীয়ে কয় আন এটা ৷ এনেই গুৱাহাটীত চোৰৰ অতপালি, তাতে উৰুকাত হয় ঘৰ খালী ৷ স্বাভাৱিকতেই সুযোগ সন্ধানী চোৰে গৃহস্থবিহীন ঘৰ এটালৈ আশাৰে বাট চাই ৰয় ৷ সেই কথা সকলোৱে জানে ৷ সেয়েহে দুদিনমানৰ আগতে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই(Guwahati CP Diganta Borah) অস্থায়ী গুৱাহাটীবাসীক জনাইছিল কোনো আৰক্ষীয়ে কাহানিও নজনোৱা এক আহ্বান ৷ ঘৰখন ধোবাংবাং কৰি থৈ উৰুকাৰ দিনা গাঁৱৰ ঘৰলৈ নাযাবলৈ আহ্বান জনাইছিল ৷ আৰক্ষীৰ লোক কম আছে হেনো ! সেয়ে কোনোবা এজনক ঘৰত থৈ যাবলৈ কৈছিল ৷

জনতাক সুৰক্ষা প্ৰদানৰ বাবে আৰক্ষীৰ এই অভিনৱ কিটিপ সৰ্বত্ৰে হৈ পৰিল চৰ্চিত ৷ স্মাৰ্ট আৰক্ষীৰ এই অসহায় ৰূপে ৰাইজৰ চকু নি কঁপাল পোৱাই দিলেগৈ ৷ যিয়েই নহওক বিষয়টোৰ সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীক সোধাটো প্ৰয়োজনীয় ৷ গতিকে আমাৰ সংবাদকৰ্মীসকলো ৰৈ নাথাকিল ৷ চেগ বুজি মুখ্যমন্ত্ৰী ড৹ শৰ্মাক সুধিয়েই পেলালে কথাটো ৷ বোলে আৰক্ষী আয়ুক্তই এই বুদ্ধি দিছে চোৰক প্ৰত্যাহ্বান জনাবলৈ ৷ আপুনি কি ক’ব ?

মুখমন্ত্ৰীৰ উত্তৰ শুনি সকলো অবাক ৷ খোদ আৰক্ষী আয়ুক্তৰ সম্পূৰ্ণ বিপৰীত মন্তব্য গৃহ বিভাগৰ দ্বায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ ৷ বোলে নাই নাই, তেনেকুৱা কথা একো নাই ৷ আৰামত ‘দুটা তলা’ মাৰি গুচি যাব ৷ তাকে কাষৰ মানুহক কৈ থৈ যাব ঘৰখন চাবলৈ ৷ আৰক্ষীৰ দ্বায়িত্ব চুৰি নোহোৱাৰ ব্যৱস্থা কৰাৰ ৷ কিন্তু মুখ্যমন্ত্ৰীৰ সেই ফৰ্মূলা হ’ল চুপাৰ ফ্লপ (Himanta Biswa Sarma on Thief in Guwahati)৷ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কোৱাটোৱেই হ’ল ৷

আকৌ চুৰিকাণ্ড হ’ল গুৱাহাটীত ৷ উৰুকাৰ নিশা ৷ ঘটনাটো এনেকুৱা- মুকালমুৱাৰ অমল তালুকদাৰ আৰু টিহুৰ চক্ৰপানী ডেকা ভাৰতীয়া হিচাবে থাকে মহানগৰীৰ জোনালীত ৷ জোনালীৰ 18 নম্বৰৰ ঘৰটোৰ দুটা কোঠাত পৃথকে থাকে অমল তালুকদাৰ আৰু চক্ৰপানী ডেকা ৷ বিহু বুলি ঘৰলৈ যাবলৈ ওলাল দুয়ো ৷ কিন্তু ভুল এটা কৰি পেলালে দুয়োয়ে ৷

মুখ্যমন্ত্ৰীৰ ফৰ্মূলা অনুসৰি দুটা তলা নলগাই মাত্ৰ এটা তলা লগালে আৰু আৰক্ষী আয়ুক্তৰ ফৰ্মূলা নামানি কাকো ঘৰৰখীয়া হিচাবে থৈ নগ’ল ৷ সেই ভুলৰ সুযোগ বুজি চোৰে চলালে দুয়োটা কোঠাতে অভিযান ৷ অভিযান কালত কোঠা দুটাৰ পৰা চোৰে নিজৰ কৰিবলৈ সক্ষম হ’ল কেইবা লক্ষাধিক টকাৰ সোন-ৰূপৰ অলংকাৰৰ লগতে নগদ ধন ৷ উৰুকাৰ নিশা চতুৰ চোৰৰ এই সফল অভিযানৰ ততেই ধৰিব নোৱাৰিলে স্মাৰ্ট আৰক্ষীয়ে ৷

চুৰিকাণ্ডটো সংঘটিত কৰাৰ কৌশলটোও মন কৰিবলগীয়া ৷ সাধাৰণতে এনেকুৱা দৃশ্য দেখা নাযায় ৷ কোঠা দুটাৰ তলা ভাঙি কৰ্মস্থলীলৈ চোৰে প্ৰৱেশ কৰাৰ পাছতে বাহিৰৰ পৰা পুনৰ একোটাকৈ তলা মাৰি দিলে বুদ্ধিত বৃহস্পতি চোৰে ৷ যাতে ওচৰৰ মানুহে মানুহ নথকা ঘৰত তলা খোল খাই থকা নেদেখে ৷

উৰুকাৰ নিশাটো পাৰ হ’ল ৷ বাহিৰৰ পৰা তলা মাৰি চোৰে লৈ গ’ল সম্পত্তি ৷ পুৱাহে ওচৰৰ আবাসী আচৰিত ৷ মানুহো নাই, তলাও নাই ঘৰত ৷ এই খবৰ আৰক্ষীক দিলে ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তেওঁলোকৰ কৰিবলগীয়াখিনি কৰি আছে ৷ কিন্তু চোৰৰ খা-খবৰ নাই এতিয়ালৈকে ৷

লগতে পঢ়ক:Magh Bihu 2023 : ৰুদ্ৰসিংহ উদ্যানত ৰাইজৰে মিলিজুলি মেজিত জুই দিলে অখিল গগৈয়ে

ABOUT THE AUTHOR

...view details