অসম

assam

By

Published : Aug 29, 2019, 4:25 PM IST

ETV Bharat / state

আৰক্ষী চকীৰ পৰা 100 মিটাৰ দূৰত্বত চুৰি কাৰ্য

আমিনগাঁৱত নিশা চোৰে ছাত্ৰী নিবাসত সোমাই চুৰি কৰি নিলে ছাত্ৰীৰ মোবাইলসহ ধন ৷ নিবাসখনত চিচি টিভি আৰু ৱাৰ্ডেন নথকাৰো অভিযোগ ৷

আৰক্ষী চকীৰ পৰা 100 মিটাৰ দূৰত্বত চুৰি কাৰ্য

গুৱাহাটী,29আগষ্টঃআমিনগাঁৱত চাঞ্চল্যকৰ চুৰি কাণ্ডৰ ঘটনা ৷ আমিনগাওঁ আৰক্ষী চকীৰ ১০০ মিটাৰ দূৰত্বৰ পৰাই চোৰে চুৰি কৰি নিলে মোবাইলসহ ধন ৷ প্ৰাপ্ত তথ্য মতে, বুধবাৰে নিশা আমিনগাওঁস্থিত TRTC ছাত্ৰী নিবাসত চোৰে প্ৰবেশ কৰি দুগৰাকী ছাত্ৰীৰ মোবাইল আৰু ধন চুৰি কৰি নিয়ে ৷ আৰক্ষী চকীৰ পৰা ১০০ মিটাৰ দূৰত্বৰ TRTC ছাত্ৰী নিবাসত চোৰে কেনেকৈ প্ৰৱেশ কৰিলে তাকলৈ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে নিৰাপত্তাহীনতাৰ আতংকত ভূগিছে অভিভাৱকসকল । ছাত্ৰী নিবাসটোত কোনোধৰণৰ চিচি টিভি আৰু ৱাৰ্ডেনৰ ব্যৱস্থা নথকাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰীসকলে ৷

উল্লেখ্য যে, বৰ্তমানলৈকে উক্ত চুৰি কাৰ্যৰ সন্দেহত আমিনগাওঁ আৰক্ষীয়ে আটক কৰিছে এজনক ৷

আৰক্ষী চকীৰ পৰা 100 মিটাৰ দূৰত্বত চুৰি কাৰ্য

ABOUT THE AUTHOR

...view details