অসম

assam

Allegation against PDW: এখন পকী দলঙৰ আশাত ৰঙিয়াবাসী ৰাইজ

By

Published : Jul 27, 2022, 1:17 PM IST

ৰঙিয়া সমষ্টিৰ অন্তৰ্গত বৰঘুলীৰ মাজেৰে বৈ যোৱা বৰলীয়া নৈৰ ওপৰত আজিলৈকে নিৰ্মাণ নহ’ল এখন পকী দলং (There is no bridge at Barghuli ) ; যাৰ বাবে এখন টুলুঙা কলৰ ভুৰেৰে মৰণত শৰণ দি বিপদসংকুলভাবে যাতায়ত কৰিবলগীয়া হৈছে অঞ্চলটোৰ স্থানীয় ৰাইজ ।

there-is-no-bridge-at-barghuli-in-rangia
এখন পকী দলঙৰ আশাত ৰঙিয়াবাসী ৰাইজ

ৰঙিয়া, 27 জুলাই:৭৫ সংখ্যক স্বাধীনতা দিৱসত (75th Independence Day) ভৰি দিয়া আমাৰ দেশে পালন কৰিছে আজাদি কা অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) ৷ স্বাধীনতাৰ 75 বছৰ গৰকা দেশ তথা ৰাজ্যৰ উন্নয়নৰ ঢাক ঢোল বজাই বৰ্তমানৰ চৰকাৰখনে বাৰে বাৰে প্ৰতিপন্ন কৰিব বিচাৰি আহিছে সফলতা ৷

কিন্তু চৰকাৰৰ এই সফলতাৰ জয়গানৰ বিপৰীতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায় এখন বিপৰীত ছবিহে । তাৰেই এক জ্বলন্ত উদাৰহণ যেন ৰঙিয়া সমষ্টিৰ অন্তৰ্গত বৰঘুলী ৷ য'ত এখন পকী দলঙৰ অভাৱত এই ভৰ বাৰিষাতো অঞ্চলটোৰ মাজেৰে বৈ যোৱা বৰলীয়া নৈ (Baralia River in Ragia) পাৰ হ’বলৈ মৰণত শৰণ দি এখন টুলুঙা কলৰ ভুৰেৰে বিপদ সংকুলভাৱে যাতায়াত কৰিব লগা হৈছে অঞ্চলবাসীয়ে ৷

এখন পকী দলঙৰ আশাত ৰঙিয়াবাসী ৰাইজ

স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলেও অতি বিপদজনকভাৱে এইদৰেই অহা-যোৱা কৰিবলগীয়া হোৱাত সমস্যাৰ সন্মুখীন হৈছে ৷ দৈনন্দিন জীৱিকাৰ নিমিত্তে অহা-যোৱা কৰা পথচাৰীৰ লগতে বিশেষকৈ ৰোগীসকল অধিক হাৰাশাস্তিৰ সন্মুখীন হৈছে ৷ ইফালে ৰাইজে বিপদসংকুলভাৱে বৰলীয়া নৈ পাৰ হ’বলৈ বাইকসহ একোগৰাকী যাত্ৰীৰ বাবদ ২০ টকা অন্যথা ১০ টকাকৈ মাচুল নাৱৰীয়াক আদায় দিয়ে ৷

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, এইদৰে বিপদসংকুলভাৱে যাত্ৰা কৰাৰ ফলত ইতিমধ্যে বহুবাৰ দুৰ্ঘটনাও সংঘটিত হৈছে ।

বহু নিৰ্বাচন আহিল আৰু গ'ল । অঞ্চলবাসীয়ে ব্যৱহাৰৰ অনুপযুক্ত দলংখন মেৰামতিৰ বাবে লোকনিৰ্মাণ বিভাগক বহুবাৰ আবেদন জনাইছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰিলে বিভাগটোৱে (Allegation against Public Works Department) ৷ ইফালে অঞ্চলবাসীৰ এনে দুখ-দুৰ্দশা আজিও চকু নপৰিল কোনো এগৰাকী জন প্ৰতিনিধিৰ ৷

লগতে পঢ়ক:Population Control Bill: জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কৰ ক্ষেত্ৰত অসম এক উদাহৰণ হোৱা উচিত: ডঃ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details