গুৱাহাটী, 5 এপ্ৰিল : আমি ক'ব খুজিছোঁ ট্ৰাক চালকসকলৰ কথা ৷ সহস্ৰাধিক ট্ৰাক চালকে এই বিপৰ্যয়ৰ সময়তো ঘৰ-পৰিয়াল এৰি দেশৰ অৰঙে-দৰঙে ঘূৰি ফুৰিছে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই ৷ চৰকাৰী তথ্য অনুসৰি কেৱল অসমতেই আছে লক্ষাধিক ট্ৰাক চালক ৷ অনুৰূপ ধৰণে দেশৰ বিভিন্ন ৰাজ্য বিশেষকৈ বিহাৰ, পাঞ্জাৱ,হাৰিয়ানা,উত্তৰ প্ৰদেশ আদিৰ অসংখ্য লোকে ট্ৰাক চলাই জীৱিকা অৰ্জন কৰে ৷ তেওঁলোকৰ একাংশ কৰ্তব্যৰ পৰা বিৰত আছে যদিও অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা চালক সকলে দিনে নিশাই ঘৰৰ বাহিৰত কটাব লগীয়া হৈছে ৷ সংকটৰ এই ক্ষণত তেওঁলোকৰ বাবে পৰিয়ালৰ সতে থকাৰ যেন কোনো অৱকাশ নাই ৷
এই দুৰ্বিসহ সময়ত তেওঁলোকৰ জীৱন যাত্ৰাৰ কিছু আভাষ ল'বলৈ আমাৰ সাংবাদিক কাষ চাপিছিল গুৱাহাটীত বাহৰ পাতি থকা কেইগৰাকীমান ট্ৰাক চালকৰ ৷ তেওঁলোকৰ কোনোবাই যদি ট্ৰাকতে খাদ্য ৰান্ধি খাইছে, কোনোবাই আকৌ হাজাৰ হাজাৰ কিলোমিটাৰ ট্ৰাক চলাই ক্লান্ত হৈ পৰা শৰীৰটোক পুনৰ সতেজ কৰিবলৈ চাহ একাপো খাবলৈ পোৱা নাই । সংকটৰ এই জটিল সময়ত এফালে ঘৰত এৰি অহা পৰিয়াল চিন্তা আনফালে দেশবাসীৰ পেটৰ চিন্তা ।