অসম

assam

ETV Bharat / state

নিমাতীঘাটত মৰণমুখী মানুহৰ আৰ্তনাদ - তপন গগৈ আৰু মন্ত্ৰী বিমল বৰা

নিমাতীঘাটত বৰলুইতৰ বুকুত ভয়ংকৰ ফেৰী দুৰ্ঘটনা ৷ এই পৰ্যন্ত এগৰাকী যাত্ৰীৰ মৃত্যু আৰু সন্ধানহীন হৈ আছে অৰ্ধশতাধিক ৷ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে প্ৰায় 40 গৰাকী যাত্ৰীক ৷ ঘটনা সন্দৰ্ভত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ তিনি বিষয়াক নিলম্বন ৷

নিমাতীঘাটত মৰণমুখী মানুহৰ আৰ্তনাদ
নিমাতীঘাটত মৰণমুখী মানুহৰ আৰ্তনাদ

By

Published : Sep 8, 2021, 10:13 PM IST

Updated : Sep 8, 2021, 10:32 PM IST

নিউজ ডেস্ক, 8 ছেপ্টেম্বৰ: কালক্ষণৰ সাক্ষী হৈ ৰ’ল ঐতিহাসিক নিমাতীঘাট ৷ বেলি পাতত বহিবলৈ ঢপলিয়াইছিল ৷ তেনে সময়তে নিমাতীঘাটত বৰলুইতৰ বুকুত অৱস্থান কৰিছিল কালে ৷ ব্ৰহ্মপুত্ৰৰ বুকুত পানী ফালি আগবাঢ়িছিল দুখন ফেৰী ৷ দুয়োখন আহিছিল বিপৰীত দিশৰ পৰা ৷

নিমাতীঘাটত মৰণমুখী মানুহৰ আৰ্তনাদ

এখন মাজুলীৰ পৰা নিমাতীঘাটলৈ আৰু আনখন নিমাতীঘাটৰ পৰা মাজুলীলৈ ৷ নিমাতীঘাটৰ পৰা কমলাবাৰী ঘাটলৈ গৈ আছিল মা কমলা আৰু নিমাতীঘাট অভিমুখে আহি আছিল টিপকাই নামৰ ফেৰীখন ৷ কিন্তু হঠাৎ সকলো খেলি মেলি হৈ গ’ল ৷ ভৰা লুইতৰ বুকুত দুৰ্ঘটনাত পতিত হ’ল দুয়োখন ফেৰী ৷

নিমাতীঘাটত মৰণমুখী মানুহৰ আৰ্তনাদ

মুখামুখিকৈ দুযো ফেৰীয়ে খুন্দা মৰাৰ ফলত ভাঙি দুটুকুৰা হয় মা কমলা নামৰ ফেৰীখন ৷ দুয়োখন ফেৰীতে আছিল শতাধিক যাত্ৰীৰ লগতে দুচকীয়া-চাৰিচকীয়া বাহন ৷ সংঘৰ্ষৰ পাচতে নৈৰ বুকুত পৰে যাত্ৰীসকল ৷ একাংশই প্ৰাণতাকি সাঁতুৰি নিজৰ জীৱন ৰক্ষা কৰে যদিও বহুতেই নিজক বচাব নোৱাৰি ডুব যায় লুইতৰ বুকুত ৷ বৰ লুইতৰ বুকুৰ পৰা কাল সন্ধিয়া ভাঁহি আহিল মৰণমুখী মানুহৰ আৰ্তনাদ ৷

নিমাতীঘাটত মৰণমুখী মানুহৰ আৰ্তনাদ

ঘটনাৰ পাচতেই এছ ডি আৰ এফ বাহিনীয়ে আৰম্ভ কৰে উদ্ধাৰ অভিযান ৷ প্ৰায় 40 গৰাকী যাত্ৰীক উদ্ধাৰ কৰা হয় যদিও আৰু প্ৰায় অৰ্ধশতাধিক যাত্ৰী সন্ধানহীন হৈ আছে নদীৰ বুকুত ৷ ইয়াৰ মাজতে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সকলোকে মৰ্মাহত কৰি তুলিছে ৷

লগতে পঢ়কঃ লুইতৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা; সন্ধানহীন বহুলোক

নিহত যুৱতীগৰাকী আছিল মাজুলীৰ ৰঙাচাহি মহাবিদ্যালয়ত আজিৰ পৰা ৭ মাহৰ পূৰ্বে প্ৰবক্তা হিচাপে যোগদান কৰা পৰিমিতা দাস ।পাৰমিতাৰ ঘৰ গুৱাহাটীৰ কাহিলীপাৰাত ৷ ইতিমধ্যে উদ্ধাৰ কৰা যাত্ৰীসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ৷

নিমাতীঘাটত মৰণমুখী মানুহৰ আৰ্তনাদ

ইতিমধ্যে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা জনোৱা অনুসৰি, চিনাক্ত কৰা হৈছে 28 জন যাত্ৰীক ৷ তাৰ মাজৰে পৰিমিতা দাসে প্ৰাণ হেৰুওৱাৰ লগতে সন্ধানহীন হৈ আছে ডাঃ বিক্ৰমজিৎ বৰুৱা ৷ আনহাতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে 8 গৰাকী যাত্ৰী ৷ তাৰ মাজত আছে এটি দুমহীয়া শিশু ৷

এই শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পাচতে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী বিমল বৰাক ঘটনাস্থলীলৈ প্ৰেৰণ কৰে ৷ আনহাতে বৃহস্পতিবাৰে খোদ মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিব ঘটনাস্থলী ৷ ইতিমধ্যে সাংসদ তপন গগৈ সহ মন্ত্ৰী বিমল বৰা দুৰ্ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে ৷

নিমাতীঘাটত মৰণমুখী মানুহৰ আৰ্তনাদ

আনহাতে, এই দুৰ্ঘটনাৰ পাচতে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ নিৰ্দেশত নিলম্বন কৰা হৈছে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ তিনি বিষয়াক ৷ তেওঁলোক ক্ৰমে কাৰ্যবাহী অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী (IWT dibrugarh division), সহকাৰী কাৰ্যবাহী অভিযন্তা মুকুত গগৈ (IWT jorhat sub division), কণিষ্ঠ অভিযন্তা ৰাতুল তামুলী (IWT Jorhat sub division) ৷ ইতিমধ্যে এন ডি আৰ এফ বাহিনী আৰু এছ ডি আৰ এফ বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷

লগতে পঢ়কঃ সেনাবাহিনী আৰু বায়ু সেনাৰ সহায়ত নিমাতীঘাটত চলিব অভিযান

ইফালেদি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মে যোৰহাটৰ নিমাতীঘাটত উপস্থিত সাংসদ তপন গগৈ আৰু মন্ত্ৰী বিমল বৰা । সমগ্ৰ ঘটনা চৰজমিন নিৰীক্ষণ কৰিবলৈ আহি যোৰহাট জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ লগত তাৎক্ষণিক আলোচনা কৰে সাংসদ তপন গগৈ আৰু মন্ত্ৰী বিমল বৰাই ৷ তেওঁলোকে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে, আজি ওৰে নিশা উদ্ধাৰ অভিযান অব্যাহত থাকিব । আনহাতে মন্ত্ৰী বিমল বৰাই জনোৱা মতে, বৃহস্পতিবাৰে সেনাবাহিনীৰ লগতে বায়ু সেনা বাহিনীৰ সহায় লৈ উদ্ধাৰ অভিযান চলোৱা হ’ব ।

সম্প্ৰতি বৰলুইতৰ বুকুত সংঘটিত এই শোকাৱহ দুৰ্ঘটনা সন্দৰ্ভত বিভিন্নজনে শোক প্ৰকাশ কৰিছে ৷ ৰাহুল গান্ধী, সৰ্বানন্দ সোণোৱাল, বদৰুদ্দিন আজমল, কামাখ্যা প্ৰসাদ তাছা আদি বিভিন্নজনে শোকবাৰ্তা প্ৰকাশ কৰা দেখা গৈছে ৷ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰেও শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ আত্মাৰ সদগতি কামনা কৰিছে ৷ ইতিমধ্যে এই ঘটনাৰ পাচতে বাতিল কৰা হৈছে গুৰুজনাৰ তিথি উপলক্ষে সত্ৰত আয়োজিত কাৰ্যসূচীৰ বাকী ৰোৱা অংশ সমূহ ৷

লগতে পঢ়কঃ মাজুলীত ভয়ংকৰ নাও দুৰ্ঘটনা : তিনি বিষয়াক নিলম্বন

Last Updated : Sep 8, 2021, 10:32 PM IST

ABOUT THE AUTHOR

...view details