অসম

assam

ETV Bharat / state

হঠাৎ পুনৰ কিয় খোল খালে লোকসেৱা কেলেংকাৰীৰ ফাইল - হঠাৎ পুনৰ কিয় খোল খালে লোকসেৱা কেলেংকাৰীৰ ফাইল

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশতে পুনৰ আৰম্ভ হৈছে লোকসেৱা কেলেংকাৰীৰ তদন্ত । ফৰেনচিকৰ প্ৰতিবেদনকে প্ৰধান অস্ত্ৰ হিচাপে লৈ লোকসেৱাৰ নিযুক্তি কেলেংকাৰীৰ প্ৰধান তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেচৰে বিশেষ ন্যায়াধিকৰণ আদালতত গোচৰটোৰ পুনৰ তদন্তৰ বাবে আবেদন জনাইছিল আৰু শুকুৰবাৰে আদালতে ইয়াৰ বাবে অনুমতি প্ৰদান কৰে ।

Apsc scam
হঠাৎ পুনৰ কিয় খোল খালে লোকসেৱা কেলেংকাৰীৰ ফাইল

By

Published : Jun 26, 2021, 7:24 PM IST

গুৱাহাটী, ২৬ জুন :পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিছপুৰত বহি ঘোষণা কৰিছিল যে তেওঁৰ চৰকাৰ হ'ব দুৰ্নীতিৰ বিৰুদ্ধে "শূণ্য সহনশীল"(Zero tolerance) । সেই নীতি সাৰোগত কৰিয়ে আৰম্ভ কৰিছিল লোকসেৱা আয়োগৰ (APSC) বিয়াগোম নিযুক্তি কেলেংকাৰীৰ তদন্ত । আয়োগৰ সেই সময়ৰ অখণ্ড প্ৰতাপী অধ্যক্ষ ৰাকেশ পাল সমন্বিতে লাখ লাখ টকাৰে চাকৰি কিনা ভালেসংখ্যক এচিএছ (ACS) আৰু এপিএছ (APS) বিষয়াক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল । লাহে লাহে তদন্ত প্ৰক্ৰিয়াও শাম কাটিছিল ।

কিন্তু শেহতীয়াকৈ পুনৰ খোল খাইছে লোকসেৱা কেলেংকাৰীৰ (Apsc scam) তদন্তৰ ফাইল । প্ৰাপ্ত খবৰ মতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশতে পুনৰ আৰম্ভ হৈছে লোকসেৱা কেলেংকাৰীৰ তদন্ত । উল্লেখযোগ্য যে, যোৱা সময়চোৱাত তদন্তৰ আওতাত সোমাই পৰা বহুসংখ্যক এচিএছ আৰু এপিএছ বিষয়াক ইতিমধ্যে চৰকাৰে বৰ্খাস্ত কৰিছে ৷ যোৱাবাৰ তদন্তৰ সময়ত সাৰি যোৱা আন একাংশ বিষয়াই কিন্তু এতিয়াও বাহাল তবিয়তেই চাকৰি কৰি আছে ।

আয়োগৰ নিযুক্তিৰ সময়ত হোৱা পৰীক্ষাত তেওঁলোকৰ উত্তৰবহী আৰু টেবুলেশ্বনৰ হস্তাক্ষৰৰ মাজত ইতিমধ্যে বিসংগতি ধৰা পেলাই থৈছে ফৰেণচিক পৰীক্ষাই ।

হঠাৎ পুনৰ কিয় খোল খালে লোকসেৱা কেলেংকাৰীৰ ফাইল

এই ফৰেণচিকৰ প্ৰতিবেদনকে প্ৰধান অস্ত্ৰ হিচাপে লৈ লোকসেৱাৰ নিযুক্তি কেলেংকাৰীৰ প্ৰধান তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেচৰে বিশেষ ন্যায়াধিকৰণ আদালতত গোচৰটোৰ পুনৰ তদন্তৰ বাবে আবেদন জনাইছিল আৰু শুকুৰবাৰে আদালতে ইয়াৰ বাবে অনুমতি প্ৰদান কৰে । যাৰ ফলত এতিয়া ৰাকেশ পালৰ কাৰ্যকালত বক্ৰপথেৰে চাকৰি লৈ এতিয়াও কৰ্মৰত হৈ থকা আন কেইবাজনো এচিএছ আৰু এপিএছ বিষয়াৰ জেলযাত্ৰাৰ পথ প্ৰশস্ত হৈ পৰিছে । কিয়নো তেওঁলোকৰ হস্তাক্ষৰৰ বিসংগতিৰ ফৰেণচিক প্ৰতিবেদন এতিয়া তদন্তকাৰী বিষয়া পানেচৰৰ হাতত । গতিকে যিকোনো মুহুৰ্ততে পুনৰ ৰঙাঘৰৰ আলহী হ'ব পাৰে আৰু কেইবাজনো এচিএছ আৰু এপিএছ বিষয়া ।

লগতে পঢ়ক:বিধায়ক ভৱেশ কলিতা ৰাজ্যিক বিজেপিৰ নতুন সভাপতি

ABOUT THE AUTHOR

...view details