গুৱাহাটী, 22 মে': ক’ভিডৰ ভয়ংকৰ সংক্ৰমণৰ মাজতে কিছু আশাৰ ৰেঙনি দেখিছে ৰাজ্যবাসীয়ে ৷ দিনৰ ১২ বজাৰ পৰা পুৱা ৫ বজালৈ দিয়া সান্ধ্য আইনকে ধৰি কঠোৰ বাধা-নিষেধাজ্ঞা বলৱৎ কৰাত অৱশেষত ৰাজ্যত সামান্য পৰিমাণে ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ৷ অৱশ্যে, এই হাৰ হঠাতে বৃদ্ধি পোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি ৷ ইফালে সংক্ৰমণৰ হাৰ হ্ৰাস পালেও ৰাজ্যত ক’ভিড ৰোগীৰ মৃত্যু কিন্তু অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ৷ আনহাতে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি শ শ ক’ভিড ৰোগীয়ে হাস্পতালত জীৱন-মৃত্যুৰে যুঁজ দি আছে ৷
২৪ ঘণ্টাত ৰাজ্যত ১,০৩,১৫৮ গৰাকী লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন বৰ্তমান সময়ত ৰাজ্যত ক’ভিড আক্ৰান্ত সংকটজনক ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৷ এসপ্তাহ পূৰ্বে ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ প্ৰায় ১০ শতাংশ হৈছিল যদিও এতিয়া সেই হাৰ ৫.৮৮ শতাংশলৈ নামি আহিছে ৷ সংখ্যাত আক্ৰান্তৰ সংখ্যা কিছু বৃদ্ধি পালেও শতাংশ হাৰত হ্ৰাস পাইছে ৷ ইয়াৰ কাৰণ হৈছে ক'ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি ৷
জানিব পৰা মতে, দৈনিক প্ৰায় এক লাখ লোকৰ ক'ভিড পৰীক্ষা কৰি থকা হৈছে ৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ১,০৩,১৫৮ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ৬,০৬৬ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে ৷ সেই হিচাপত আক্ৰান্তৰ হাৰ আছিল ৫.৮৮ শতাংশ ৷ এই হাৰ কিছুদিন পূৰ্বে প্ৰায় ১০ শতাংশ হৈছিল ৷ অৰ্থাৎ ৰাজ্যত ক্ৰমান্বয়ে পজিটিভৰ হাৰ হ্ৰাস পোৱা দেখা গৈছে ৷
মৃত্যৰ হাৰ ০.৫০ শতাংশৰ পৰা ০.৭২ শতাংশলৈ বৃদ্ধি ইফালে ইয়াৰ বিপৰীতে বিগত ২৪ ঘণ্টাত ৰাজ্যত ক’ভিডত মৃত্যু হৈছিল ৮১ গৰাকী ৰোগীৰ ৷ মৃত্যুৰ হাৰ ০.৫০ শতাংশৰ পৰা ক্ৰমাৎ বৃদ্ধি পাইছে ৷ চৰকাৰী তথ্যতে স্পষ্ট হৈ পৰিছে যে, ৰাজ্যত ক’ভিডত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ৷ মৃত্যুৰ হাৰ বৃদ্ধিয়ে স্বাস্থ্য বিভাগৰ লগতে স্বয়ং মুখ্যমন্ত্ৰীকো চিন্তিত কৰি তুলিছে। চৰকাৰী তথ্য মতে, কৰ'ণাৰ দ্বিতীয় ঢৌত ৫০ ৰ পৰা ৬০ বছৰ বয়সৰ ৰোগীৰ মৃত্যু বেছিকৈ হৈছে ৷
আনহাতে ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ক’ভিডৰ সংক্ৰমণ কিছু হ্ৰাস পাইছে ৷ মহানগৰীত দৈনিক আক্ৰান্তৰ সংখ্যা পূৰ্বৰ সহস্ৰাধিকৰ পৰা হ্ৰাস হৈ ৯০৭ গৰাকীলৈ হ্ৰাস পাইছে ৷ কিন্তু গুৱাহাটীতো মৃত্যুৰ হাৰ কিছু বৃদ্ধি পোৱা দেখা গৈছে ৷ গুৱাহাটী মহানগৰীত বিগত ২৪ ঘণ্টাত ক’ভিডত ২৪ গৰাকী ৰোগীৰ মৃত্যু হৈছে ৷
অসমত ক'ভিডত আক্ৰান্তৰ হাৰ প্ৰায় ১০ শতাংশ পৰা ৫.৮৮ শতাংশলৈ হ্ৰাস উল্লেখ্য যে, এতিয়ালৈকে ৰাজ্যত ৯৯.৮২ লাখ লোকৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছে । আজিৰ ভিতৰতে এই সংখ্যাই এক কোটিৰ ঘৰ অতিক্ৰম কৰিব বুলি আশংকা কৰা হৈছে ৷ ৰাজ্যখনত এতিয়ালৈকে ৩,৫৯,৬৪০ গৰাকী ক'ভিড প'জিটিভ হোৱাৰ বিপৰীতে সুস্থ হৈছে ৩,০২,৮৮৯ গৰাকী লোক ৷ আৰোগ্যৰ হাৰ হৈছে ৮৪.২২ শতাংশ ৷ এতিয়ালৈকে ক'ভিডত ২,৫৮৮ গৰাকী ৰোগীৰ মৃত্যু হৈছে ৷ বৰ্তমান ৰাজ্যখনত সক্ৰিয় হৈ থকা ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৫২,৮১৬ গৰাকী ৷ ক'ভিডৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । ক'ভিডক প্ৰতিহত কৰা পদক্ষেপৰ অংশ হিচাপে ৰাজ্য চৰকাৰে শুকুৰবাৰৰ পৰা ১৫ দিনলৈ বন্ধ কৰিছে আন্তঃজিলা যাতায়াত ব্যৱস্থা।
লগতে পঢ়ক:জুন মাহৰ পৰা সুলভ হ’ব ক’ভিডৰ প্ৰতিষেধক : স্বাস্থ্যমন্ত্ৰী