নিউজ ডেস্ক, 31 ডিচেম্বৰ: কেইটামান ঘণ্টাৰ পাছতে সলনি হ’ব চন-তাৰিখ (New year 2022)৷ বিশ্ববাসীৰ লগতে অসমীয়াই পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি চলাইছে ৷ 2022 বৰ্ষ বাগৰি 2023ৰ আগমনৰ সময়ত সকলোৱে উভতি চাইছে এৰি অহা দিনবোৰলৈ ৷ ভাল-বেয়াৰ হিচাপ দাখিল হৈছে বছৰৰ মোহনাত ৷ আমিও উভতি চাও আহক এৰি থৈ অহা বছৰটোত প্ৰকাশ পোৱা কেইখনমান বহুল সমাদৃত গ্ৰন্থলৈ ৷
ইতিমধ্য গুৱাহাটী মহানগৰীত চলি আছে অসম গ্ৰন্থমেলা ৷ ইয়াৰোপৰি ৰাজ্যৰ বহুকেইখন জিলাত অব্যাহত আছে গ্ৰন্থমেলা ৷ ডিজিটেল মাধ্যমে গ্ৰাস কৰিলেও কিতাপৰ প্ৰতি টান কমা নাই নতুন প্ৰজন্মৰ লগতে প্ৰজন্মটোৰ অগ্ৰজসকলৰ ৷ এই প্ৰমাণ দাঙি ধৰিছে অব্যাহত থকা গ্ৰন্থমেলাসমূহে ৷ বহু ন-পুৰণি লেখকৰ গ্ৰন্থই ৰঙীন কৰি তুলিছে গ্ৰন্থমেলাৰ বিপণিসমূহ ৷ নতুনকৈ প্ৰকাশ পোৱা কেইবাখনো গ্ৰন্থই পাঠকসমাজৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে ৷ অৱশ্যে কিছু সংখ্যক গ্ৰন্থ প্ৰকাশৰ পূৰ্বেৰে পৰা চৰ্চিত হৈ আছিল গ্ৰন্থকীটৰ মাজত ৷ সামাজিক মাধ্যমতো চলিলে কিছুসংখ্যক গ্ৰন্থৰ সৰৱ চৰ্চা (Popular Assamese book in 2022)৷
প্ৰথমেই আহিছো ‘গান্ধী ফাগ্লা’ৰ প্ৰসংগলৈ ৷ ‘গান্ধী ফাগ্লা’ এখন গল্প সংকলন (Gandhi Fagla) ৷ নতুন প্ৰজন্মৰ জনপ্ৰিয় লেখক নীলোৎপল বৰুৱাৰ 14টা বচা বচা গল্পৰে সজাই তোলা হৈছে ‘গান্ধী ফাগ্লা’ ৷ উক্ত গ্ৰন্থখন 2022 বৰ্ষৰ সৰ্বাধিক সমাদৃত গ্ৰন্থ হিচাবে চৰ্চিত হৈছে ৷ গল্প সংকলনখন প্ৰকাশ কৰি উলিয়াইছে আলিবাট প্ৰকাশনে ৷ ইফালে বনলতা প্ৰকাশনে প্ৰকাশ কৰা আৰু অসীম চুতীয়াৰ দ্বাৰা সম্পাদিত ‘অপূৰ্ব শৰ্মাৰ গল্প সংকলন’ নামৰ গ্ৰন্থখনো হৈছে বহু চৰ্চিত ৷ গ্ৰন্থৰ বিপণিত পাঠকসমাজে ভিৰ কৰিছে ‘অপূৰ্ব শৰ্মাৰ গল্প সংকলন’ বিচাৰি ৷
আনহাতে 2022ৰ পহিলাতে আঁক-বাক প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছিল ড৹ সংগীতা ৰাণী কলিতাৰ ‘মোৰ দেউতা আলফা নাছিল’ (Assamese Book Mor Deuta Ulfa Nasil) ৷ গ্ৰন্থখনৰ প্ৰথম সংস্কৰণে পাঠক সমাজৰ মাজত বিপুল সমাদৰ লাভ কৰাৰ পাচত ইতিমধ্যে প্ৰকাশ পাইছে দ্বিতীয় সংস্কৰণ ৷ এটা বৰ্ষতে দুটা সংস্কৰণ প্ৰকাশ পোৱা এই গ্ৰন্থখনো গ্ৰন্থমেলাসমূহত পাঠকৰ মাজত বিপুলভাৱে সমাদৃত হৈছে ৷