অসম

assam

ETV Bharat / state

Sachal Protest: প্ৰাথমিক টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক-বীৰ লাচিত সেনাৰ প্ৰতিবাদ - মাই কটা গড়

বিভিন্ন সমস্যা সমাধানৰ দাবীৰে গুৱহাটীৰ চচলৰ ধৰ্ণাস্থলীত বৃহস্পতিবাৰে পৃথকে পৃথকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰাথমিক টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক আৰু বীৰ লাচিত সেনাই ৷ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকে চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপনৰ লগতে অসমক শীঘ্ৰেই পূৰ্ণ পৰ্যায়ৰ জানজাতীয় ৰাজ্য হিচাপে স্বীকৃতি প্ৰদানৰ দাবী উত্থাপন কৰে বীৰ লাচিত সেনাই ৷

Sachal Protest
চচলত প্ৰাথমিক টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক আৰু বীৰ লাচিত সেনাৰ প্ৰতিবাদ

By

Published : Dec 22, 2022, 5:02 PM IST

চচলত প্ৰাথমিক টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক আৰু বীৰ লাচিত সেনাৰ প্ৰতিবাদ

গুৱাহাটী,২২ ডিচেম্বৰ: চাকৰি নিয়মীয়াকৰণৰ দাবীৰে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ(Primary TET Pass Teacher) উদ্যোগত বৃহস্পতিবাৰে পুনৰ গুৱাহাটীৰ চচলস্থিত ধৰ্ণাথলিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ঠিকাভিত্তিক শিক্ষকসকলে(Contractual TET teacher protest) ৷ ন্যায্য প্ৰাপ্তিৰ দাবীৰে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলে প্ৰতিবাদী শিক্ষকসকলে ৷ ইয়াৰ লগতে প্ৰতিবাদী শিক্ষকসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ(CM Himanta Biswa Sarma) এখন স্মাৰক পত্ৰ প্ৰদান কৰি শীঘ্ৰেই চাকৰি নিয়মীয়াকৰণৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ বাবে দাবী জনায়।

স্মাৰক পত্ৰৰ জড়িয়তে, ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ(Assam Assembly Election) প্ৰাকমূহুৰ্তত বিজেপি দলে ভিজন ডকুমেন্টত(Vision Document of BJP) উল্লেখ কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰি সকলো ঠিকাভিত্তিক প্ৰাথমিক টেট উত্তীর্ণ শিক্ষকৰ চাকৰি নিয়মীয়া কৰা, ২০১০ চনৰ ১ জুলাই পর্যন্ত প্ৰকাশিত ৰাজ্যপাল অনুমোদিত নিৰ্দেশনা অনুসৰি ঠিকা ভিত্তিক শিক্ষকৰ প্ৰাপ্ত শীঘ্ৰে আদায় দিবলৈ দাবী জনায়।

ইয়াৰ উপৰি মৃত শিক্ষকৰ পৰিয়ালক অন্য চৰকাৰী কৰ্মচাৰী সকলৰ দৰেই ধন আদায় দিয়াৰো দাবী উত্থাপন কৰে । ১০ বছৰ অধিক কাল কৰ্ম সম্পূৰ্ণ কৰা শিক্ষকসকলক চৰ্তবিহীন ভাৱে গৃহজিলালৈ বদলি কৰাৰো দাবী জনায় প্ৰতিবাদী শিক্ষকসকলে ।

অনাগত দিনত ইয়াৰ তৎকালীন আৰু ফলপ্ৰসূ সমধান নাপালে ঠিকাভিত্তিক শিক্ষক সকলে দিল্লীৰ ৰাজপথত গণতান্ত্ৰিক ভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হ’ব বুলিও সকিয়াই দিয়ে ৷

ইফালে অসমৰ জলন্ত সমস্যাসমূহ সমাধানৰ দাবীত চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বীৰ লাচিল সেনাই(Veer Lachit Sena Protest) ৷ বীৰ লাচিত সেনাই অসমক বিশেষ সাংবিধানিক ৰাজ্যৰ মৰ্যাদা প্ৰদান, সীমান্ত অঞ্চলত বসবাস কৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ সুনিশ্চিত কৰা, লাচিত বৰফুকনৰ দ্বাৰা নিৰ্মিত গুৱাহাটী গড়চুকস্থিত ঐতিহাসিক লাচিতগড়(Guwahati Lachit Garh) আৰু জালুকবাৰীস্থিত মোমাই কটা গড়(Momaikata Garh) বেদখলমুক্ত আৰু সংৰক্ষণ কৰা, অসমক পূৰ্ণ পৰ্যায়ত জনজাতি ৰাজ্য(Tribal state) হিচাপে ঘোষণা কৰা আদি দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ ।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে বর্তমানে চলি থকা শীতকালীন অধিৱেশনত লাচিত সেনাই আগবঢ়োৱা দাবীসমূহ পূৰণৰ ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে সংগঠনটোৰ নেতৃত্বই ।

লগতে পঢ়ক:PMAY Scam in Dibrugarh : প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পত্ৰক লৈ তোলপাৰ ডিব্ৰুগড়

ABOUT THE AUTHOR

...view details