অসম

assam

ETV Bharat / state

স্বাধীনতা দিৱসত অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ দহটা আহ্বান... - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দহটা আহ্বান

স্বাধীনতা দিৱস(Independence Day)ৰ পতাকা উত্তোলন কৰি অসমবাসীলৈ দহটা আহ্বান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ৰ ৷ এজন মুখ্যমন্ত্ৰী বা এখন চৰকাৰে এখন ৰাজ্যক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ এখন হিচাপে গঢ়ি তুলিব নোৱাৰে । ইয়াৰ বাবে ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকৰ সহযোগিতাৰ প্ৰয়োজন ৷ জানো আহক মুখ্যমন্ত্ৰীয়ে অসমবাসীলৈ আগবঢ়োৱা দহটা ব্যতিক্ৰমী আহ্বান...

ten-requests-from-cm
মুখ্যমন্ত্ৰীৰ দহটা আহ্বান

By

Published : Aug 15, 2021, 12:59 PM IST

গুৱাহাটী, 15 আগষ্ট : 75 সংখ্যক স্বাধীনতা দিৱস(Independence Day)ৰ পতাকা উত্তোলন কৰি অসমবাসীলৈ দহটা ব্যতিক্ৰমী আহ্বান জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই । তেওঁ কয় যে, কেৱল এজন মুখ্যমন্ত্ৰী বা এখন চৰকাৰে এখন ৰাজ্যক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ এখন হিচাপে গঢ়ি তুলিব নোৱাৰে । ইয়াৰ বাবে ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকৰ সহযোগিতা লাগিব ।

‘‘মুখ্যমন্ত্ৰী গৰাকী ৰাইজৰ পৰা দূৰত নহয় । তেওঁ ৰাইজৰে এজন । সেয়েহে মই আজি স্বাধীনতা দিৱসৰ এই পৱিত্ৰ ক্ষণত অসমবাসী ৰাইজক দহটা অনুৰোধ কৰিব খুজিছো । এয়া কোনো চৰকাৰী নিৰ্দেশ বা দাবী নহয় । এক আহ্বানহে’’ ।

মুখ্যমন্ত্ৰী শৰ্মাই অসমবাসী ৰাইজক দহটা সংকল্প ল’বলৈ আহ্বান জনাই কয়,

  • আমি সংকল্প লওঁ আহক, এতিয়াৰে পৰা আমি কোনেও আমাৰ পিতৃ-মাতৃক বোজা বুলি নাভাবিম । কোনেও পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত নথও । এই বৃদ্ধাশ্ৰমৰ ধাৰণাটোৱেই আমাৰ ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী ।
  • আমি সংকল্প লওঁ আহক, মহাপুৰুষ শংকৰদেৱ বা মাধৱদেৱৰ তিথিত আমি গতানুগতিকভাৱে বন্ধ পালন কৰাৰ পৰিৱৰ্তে নিজৰ নিজৰ কৰ্মক্ষেত্ৰতে এই তিথি পালন কৰিম । প্ৰতিগৰাকী লোকেই নিজা নিজা কৰ্মক্ষেত্ৰৰ পৰা বছৰত 7 দিন আঁতৰি থাকি সেই বিশেষ 7 টা দিন নিজৰ পিতৃ-মাতৃৰ লগত কটাওক । ইয়াৰ বাবে সকলো চৰকাৰী কৰ্মচাৰীক বছৰত 7 দিন বিশেষ ছুটী দিয়া হ’ব ।
  • স্বাধীনতাৰ এই 75 বছৰীয়া জয়ন্তীত নিজ নিজ বিদ্যালয়, মহাবিদ্যালয়ত সকলোৱে 75 জোপাকৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
  • মুখ্যমন্ত্ৰীয়ে কয় যে, প্ৰতিটো সামাজিক অনুষ্ঠানত জাতীয় সংগীত আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰক ।
  • সংকল্প লও আহক- আমি পলিথিন ব্যৱহাৰ নকৰো । অগত্যা কৰিবলগীয়া হ’লেও কমকৈ কৰিম ।
  • সংবিধানে 18 বছৰ বুলি ক’লেও কোনো কন্যা সন্তানকে 21 বছৰৰ তলত আমি কোনো পিতৃ-মাতৃয়ে বিয়া নিদিও বুলি সংকল্প লও আহক ।
  • হিমন্ত বিশ্ব শৰ্মাই কয়, সকলো চৰকাৰী কৰ্মচাৰীয়ে নিজৰ ৰাজ্যখন আগবঢ়াই নিবলৈ এঘণ্টা বেছিকৈ কাৰ্যালয়ত কাম কৰাৰ সংকল্প লওক ।
  • যিকোনো ড্ৰাগছ সম্পৰ্কীয় ঘটনা দেখিলেই আৰক্ষীক খবৰ দিয়ক ।
  • বছৰত অন্ততঃ এটা ভাল কাম কৰো আহক ।
  • নিজে পঢ়ি অহা স্কুল বা কলেজখনৰ বাবে কিবা এটা কৰাৰ বাবে সকলোৱে সংকল্প লওক ৷

লগতে পঢ়ক :ত্ৰিৰংগাৰ তলৰ পৰাই মূলসুঁতিলৈ আহিবলৈ পৰেশ বৰুৱাক আহ্বান মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details