অসম

assam

ETV Bharat / state

Crisis in Assam Tea Industry : সংকটত অসমৰ চাহ উদ্যোগ; ৫ বছৰত বিক্ৰী ৬৮ খন চাহ বাগিচা - Assam tea in world market

একাধিক কাৰণত অসুৰক্ষিত হৈ পৰিছে অসমৰ চাহ উদ্যোগৰ ভৱিষ্যৎ । এখনৰ পাচত আনখনকৈ বিক্ৰী হৈছে অসমৰ চাহ বাগিচা । আন ব্যৱসায়ত পুঁজি বিনিয়োগত বেছি আগ্ৰহী পুজিঁপতি গোষ্ঠী । সংকটত অসমৰ দুশ বছৰীয়া চাহ শিল্প । উদ্বেগজনকভাৱে হ্রাস পাইছে অসমৰ চাহৰ ৰপ্তানি । শেহতীয়াকৈ চাহ বাগিচাসমূহ উগ্ৰপন্থী সংগঠনৰ ধন সংগ্ৰহৰ লক্ষ্যস্থান হৈ পৰাত শংকিত হৈ পৰিছে মালিকপক্ষ ।

Crisis in Assam Tea Industry
Crisis in Assam Tea Industry

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 5:28 PM IST

গুৱাহাটী,৩০ আগষ্ট :ভাৰতীয় অর্থনীতিত অসমৰ চাহ উদ্যোগে এক গুৰুত্বপূর্ণ স্থান দখল কৰি আহিছে । ভাৰতৰ মুঠ চাহ উৎপাদনৰ ৫২ শতাংশ অসমত উৎপাদন হয় । কিন্তু শেহতীয়াকৈ বিভিন্ন কাৰণত অসমৰ দুশ বছৰীয়া চাহ উদ্যোগ তথা শিল্পটোৱে সংকটৰ সন্মূখীন হৈ আহিছে । বৰ্তমান অসুৰক্ষিত হৈ পৰিছে অসমৰ চাহ উদ্যোগৰ ভৱিষ্যৎ । লক্ষণীয় বিষয় যে ২০১৭ চনৰ পৰা ২০২২ চনলৈকে অসমৰ ৬৮ খন চাহ বাগিচা বিক্ৰী কৰিছে পুঁজিপতি গোষ্ঠীয়ে । স্মৰ্তব্য যে আন ব্যৱসায়-বাণিজ্যত পুঁজি বিনিয়োগ কৰি দেশৰ পুঁজিপতি গোষ্ঠীয়ে অসমৰ চাহ উদ্যোগলৈ নমাই আনিছে ভয়ংকৰ সংকট । যিটো অসমৰ চাহ উদ্যোগৰ বাবে শুভ লক্ষণ নহয় ।

দুশ বছৰীয়া চাহ উদ্যোগলৈ অশনি সংকেত

অসমৰ সুনাম বৃদ্ধিৰ লগতে বিশেষভাৱে ৰাজ্যখনৰ অৰ্থনীতিৰ ভেটি গঢ় দিয়া চাহ উদ্যোগে বৰ্তমান ভয়াৱহ সংকটৰ সন্মুখীন হৈছে । আনকি এই কথা সদৰী কৰিছে অসম চাহ কৰ্মচাৰী সংঘই । অভিযোগ অনুসৰি, আন ব্যৱসায়ত পুঁজি বিনিয়োগ কৰিবৰ বাবে বাগিচা বন্ধকত ৰাখি বেংকৰ ঋণ লোৱা একাংশ পুঁজিপতিয়ে এতিয়া ৰাজ্যৰ চাহ উদ্যোগলৈ এই ভয়ংকৰ সংকট নমাই আনিছে । সময়ত বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি বাগিচা বিক্ৰীৰ দৰে হঠকাৰী সিদ্ধান্ত লৈছে একাংশ চাহ কোম্পানীয়ে ।

চাহ বাগিচা বিক্ৰী কৰি অন্য খণ্ডত পুঁজি বিনিয়োগ

ৰাজ্যৰ চাহ উদ্যোগলৈ পিঠি দি আন ব্যৱসায়ত মনোনিবেশ কৰা একাংশ পুঁজিপতিয়ে নিয়মিতভাৱে বিক্ৰী কৰি আছে ইখনৰ পিচত সিখন চাহ বাগিচা । তিনিচুকীয়াৰ তালাপস্থিত এপিজে টী গ্রুপে ১৬ খন চাহ বাগিচা বিক্ৰী কৰাৰ পিচত বেংকৰ ঋণ পৰিশোধ কৰাৰ গইনাৰে মেকলয়ড ৰাছেল ইণ্ডিয়া টী কোম্পানীয়ে ৭০০ কোটি টকাত বিক্ৰী কৰিছে অসমৰ ১৫ খন চাহ বাগিচা । এই ১৫ খন চাহ বাগিচাৰ ৬ খনেই তিনিচুকীয়া জিলাৰ । শ্রমিক-কর্মচাৰীৰ জীৱনলৈ চৰম অনিশ্চয়তা নমাই আনি পুঁজিপতি গোষ্ঠীসমূহে কিহৰ তাড়নাত বাগিচা বিক্ৰীৰ দৰে হঠকাৰী সিদ্ধান্ত ল'বলগীয়া হৈছে সেয়া বৰ্তমান সময়ৰ বাবে বিচাৰ্যৰ বিষয় ।

অসমৰ চাহৰ ৰপ্তানি হ্ৰাস

চাহ উৎপাদনত সঁচাকৈ কোম্পানীসমূহে লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে নেকি নে আন কিবা কাৰণত বাগিচা বিক্ৰী কৰিবলগীয়া হৈছে । ইফালে অসম চৰকাৰে চাহ বাগিচাৰ ভূমিৰ মূল্য হ্ৰাস কৰিবলৈ লোৱা আৰু বাগিচাৰ ১০ শতাংশ ভূমি অন্য কামত ব্যৱহাৰ কৰিবলৈ লোৱা সিদ্ধান্তৰ আঁৰত কিবা ৰহস্য থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে অসম চাহ কৰ্মচাৰী সংঘই । চৰকাৰৰ এনে সিদ্ধান্তই অসমৰ চাহ উদ্যোগক অধিক ক্ষতি কৰিব বুলি আশংকা কৰা হৈছে । ইফালে উদ্বেগজনকভাৱে হ্রাস পাইছে অসমৰ চাহৰ ৰপ্তানি । যিসময়ত অসমৰ চাহ উদ্যোগটোৱে দুশ বছৰ অতিক্ৰম কৰিছে, সেই সময়তে ৰাজ্যখনৰ চাহৰ জনপ্ৰিয়তা বিদেশত ক্ৰমাৎ হ্রাস পাবলৈ ধৰিছে ।

৫ বছৰত ৬৮ খন বাগিচা বিক্ৰী

চৰকাৰী তথ্য মতে, ২০১৮-১৯ বিত্তীয় বৰ্ষত অসমে ৰপ্তানি কৰা চাহৰ পৰিমাণ আছিল ১৫,৫৭০ হাজাৰ কিলোগ্রাম । ইয়াৰ বিপৰীতে ২০২২-২৩ বিত্তীয় বৰ্ষত অসমে ৰপ্তানি কৰা চাহৰ পৰিমাণ ১২,৭৫০ হাজাৰ কিলোগ্ৰাম । বিস্তৃত তথ্য অনুসৰি, ২০১৮-১৯ বিত্তীয় বৰ্ষত অসমে ১৫,৫৭০ হাজাৰ কিলোগ্ৰাম চাহ ৰপ্তানি কৰি অভিলেখ সৃষ্টি কৰাৰ পাছত ২০১৯-২০ বিত্তীয় বৰ্ষত ১০,৪৬১ হাজাৰ কিলোগ্ৰাম, ২০২০-২১ বিত্তীয় বৰ্ষত ৮৭১০ হাজাৰ কিলোগ্ৰাম আৰু ২০২১-২২ বিত্তীয় বৰ্ষত ৮৩০৭ হাজাৰ কিলোগ্ৰাম চাহহে ৰপ্তানি কৰিবলৈ সক্ষম হৈছে ।

অসমৰ চাহ উদ্যোগলৈ সংকট

আনহাতে, অসমৰ পৰা সৰ্বাধিক চাহ ক্ৰয় কৰে ব্ৰিটেইনে । ২০১৮-১৯ বিত্তীয় বৰ্ষত দেশখনে অসমৰ পৰা ৫,৪২৬ হাজাৰ কিলোগ্ৰাম চাহ ক্ৰয় কৰিছিল । কিন্তু বিগত বিত্তীয় বৰ্ষত দেশখনে ক্ৰয় কৰা চাহৰ পৰিমাণ হৈছে ৪,৬৯০ হাজাৰ কিলোগ্ৰাম । উল্লেখ্য যে সমগ্র বিশ্বতে অসমৰ চাহৰ এটা সুকীয়া পৰিচয় আছে । আনকি অসমৰ চাহক বিশ্ববাসীয়ে সদায় এক সুকীয়া মর্যাদা দি আহিছে । কিন্তু ইয়াৰ পাচতো অসমৰ চাহৰ এনেদৰে অভাৱনীয়ভাৱে ৰপ্তানি হ্রাস পোৱাক লৈ এতিয়া উত্থাপিত হৈছে বিভিন্ন প্রশ্নৰ ।

আনহাতে, শেহতীয়াকৈ চাহ বাগিচাসমূহ উগ্ৰপন্থী সংগঠনৰ ধন সংগ্ৰহৰ লক্ষ্যস্থান হৈ পৰাত আন এক সমস্যাই দেখা দিছে । শেহতীয়াকৈ আলফা স্বাধীনকে ধৰি একাধিক সংগঠন অধিক সক্ৰিয় হৈ উঠিছে । শক্তি বৃদ্ধিৰ বাবে কেইবাটাও উগ্রপন্থী সংগঠনে ধন সংগ্ৰহৰ বিশাল অভিযান আৰম্ভ কৰিছে । বিশেষকৈ উজনি অসমত আলফা স্বাধীনৰ ধন সংগ্রহ অভিযান অব্যাহত আছে । ব্যৱসায়ী আৰু বিশেষভাৱে চাহ বাগিচাসমূহৰ পৰা বুজন অংকৰ ধনদাবী কৰিছে আলফাই ।

বিগত সময়ত আলফাৰ ধনদাবীক লৈ আতংকিত নহ'বৰ বাবে আৰক্ষীয়ে অভয়বাণী দিছে যদিও আশ্বস্ত হ'ব পৰা নাই আলফাৰ পৰা ধনদাবী-পত্ৰ পোৱা চাহ বাগানসমূহৰ কৰ্তৃপক্ষ । ধনদাবীৰ এই ঘটনা ইমানেই প্ৰকট হৈ পৰিছে যে আলফা স্বাধীনৰ ভয়ত উজনি অসমৰ দুখনকৈ চাহ বাগিচাৰ প্ৰবন্ধকে অসম এৰি পলায়ন কৰিছে । আলফা স্বাধীনে নিজৰ শক্তি বিস্তাৰ কৰাৰ বাবে বিশেষকৈ উজনি অসমৰ বহুসংখ্যক চাহ বাগিচাৰ মালিকপক্ষলৈ ধনদাবী কৰি পত্ৰ প্ৰেৰণ কৰাৰ বিষয়টো নতুন নহয় ।

চাহ বাগিচাৰ মালিকপক্ষলৈ ৬০ লাখৰ পৰা ১ কোটিপর্যন্ত ধনদাবী কৰি পত্ৰ প্ৰেৰণ কৰিছে আলফা স্বাধীনে । আলফাৰ ধনদাবীৰ ঘটনাত শংকিত হৈ পৰিছে বাগিচাৰ কৰ্তৃপক্ষ । এনেবোৰ বিভিন্ন কাৰণত অসমৰ চহকী চাহ উদ্যোগটোৱে আজি সংকটৰ সন্মূখীন হ'বলগীয়া হৈছে । এইক্ষেত্রত দুশ বছৰীয়া এই শিল্পটো সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্রত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় বিষয় ।

লগতে পঢ়ক :Minister Sarbananda Sonowal in Dibrugarh: ডিব্ৰুগড়ৰ জকাইত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন অত্যাধুনিক নেচাৰ'পেথী চিকিৎসালয়

ABOUT THE AUTHOR

...view details