অসম

assam

ETV Bharat / state

গুৱাহাটীৰ পৰা কলকাতালৈ কৰ্প'ৰেট কাৰ্যালয় স্থানান্তৰৰ প্ৰস্তুতি টাটাৰ - কৰ্প'ৰেট কাৰ্যালয়টো কলকাতালৈ

সুদীৰ্ঘ সময় ধৰি অসমত চাহ ব্যৱসায় কৰি অহা এমালগেমেটেড প্লেণ্টেছন প্ৰাইভেট লিমিটেড আৰু টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত থকা কৰ্প'ৰেট কাৰ্যালয়টো কলকাতালৈ নিয়াৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তোলা হৈছে । টাটা টিৰ মুঠ ২৫ খন চাহ বাগিচাৰ ভিতৰত ২১ খন অসমত থকাৰ বিপৰীতে মাত্র চাৰিখন বাগিচা আছে পশ্চিমবংগত ।

গুৱাহাটীৰ পৰা কলকাতালৈ কৰ্প'ৰেট কাৰ্যালয় স্থানান্তৰৰ প্ৰস্তুতি টাটাৰ
গুৱাহাটীৰ পৰা কলকাতালৈ কৰ্প'ৰেট কাৰ্যালয় স্থানান্তৰৰ প্ৰস্তুতি টাটাৰ

By

Published : Apr 9, 2021, 4:02 PM IST

গুৱাহাটী, ৯ এপ্ৰিল: নিৰ্বাচনৰ ব্যস্ততাপূৰ্ণ পৰিৱেশৰ মাজতে অসম এৰি যাবলৈ ওলাইছে টাটা । টাটা টিৰ গুৱাহাটীস্থিত কৰ্প'ৰেট কাৰ্যালয় কলকাতালৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি কোম্পানীটোৰ মুম্বাইস্থিত মুখ্য কাৰ্যালয়ে ইতিমধ্যে গোপনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । সুদীৰ্ঘ সময় ধৰি অসমত চাহ ব্যৱসায় কৰি অহা এমালগেমেটেড প্লেণ্টেছন প্ৰাইভেট লিমিটেড আৰু টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত থকা কৰ্প'ৰেট কাৰ্যালয়টো কলকাতালৈ নিয়াৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তোলা হৈছে ।

গুৱাহাটীৰ পৰা কলকাতালৈ কৰ্প'ৰেট কাৰ্যালয় স্থানান্তৰৰ প্ৰস্তুতি টাটাৰ

ইতিমধ্যে, এমালগেমেটেড প্লেণ্টেছন প্ৰাইভেট লিমিটেডৰ অধ্যক্ষকে ধৰি তিনিজন শীৰ্ষ বিষয়াক কলকাতালৈ বদলি কৰিছে । আনহাতে, আন বিষয়া-কৰ্মচাৰীসকলক অহা ৩০ এপ্ৰিলৰ ভিতৰত কলকাতাৰ কাৰ্যালয়ত যোগদান কৰাৰ নিৰ্দেশ দিয়া হৈছে ।

লক্ষণীয়ভাৱে, আলফা(স্বাঃ)ই এমালগেমেটেড প্লেণ্টেছন প্ৰাইভেট লিমিটেডক এক বিবৃত্তি যোগে থলুৱাক নিযুক্তি দিয়াৰ লগতে কোম্পানীটোৰ প্ৰশাসনীয় কাৰ্যালয় পুনৰ অসমলৈ ঘূৰাই আনিবলৈ হুংকাৰ দিয়াৰ সময়তেই টাটাৰ উদ্বেগজনক সিদ্ধান্তৰ কথা পোহৰলৈ আহিছে । উল্লেখ্য যে, টাটা টিৰ মুঠ ২৫ খন চাহ বাগিচাৰ ভিতৰত ২১ খন অসমত থকাৰ বিপৰীতে মাত্র চাৰিখন আছে পশ্চিমবংগত ।

সেইবাবে, অসমবাসীৰ বহু দাবী-আপত্তিৰ ফলত টাটা টিৰ কৰ্প'ৰেট কাৰ্যালয় গুৱাহাটীত স্থাপন কৰা হৈছিল । প্ৰাপ্ত তথ্য মতে, টাটাই কৰ্প'ৰেট কাৰ্যালয় অসমৰ পৰা স্থানান্তৰ কৰাৰ সিদ্ধান্তৰ লগতে একাংশ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কৌশল হিচাপে নিশাটোৰ ভিতৰতে কলকাতাৰ কাৰ্যালয়ত যোগদান কৰাৰ নিৰ্দেশ দিছে ।

ইতিমধ্যে, গুৱাহাটীৰ কাৰ্যালয়ৰ অধ্যক্ষ অজয়েন্দ্ৰ মুখাৰ্জীৰ লগতে শীৰ্ষ বিষয়া সঞ্জীৱ বাৰ্মা, ৰাহুল সেন আৰু এ শুক্লাক কলকাতালৈ বদলি কৰিছে । টাটা টিৰ কৰ্প'ৰেট কাৰ্যালয়টো স্থানান্তৰ কৰিলে গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত বিৰূপ প্ৰভাৱ পৰিব । টাটাৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহু লোকৰ জীৱন-জীৱিকা নিৰ্ভৰ কৰি আছে ।

আনহাতে, শেহতীয়াকৈ কোম্পানীটোৱে থলুৱা নিযুক্তি হ্ৰাস কৰাৰ সমান্তৰাকৈ চাহ বাগিচাৰ ভূমি বিক্ৰীৰ প্ৰক্ৰিয়াও আৰম্ভ কৰে । কাৰ্যালয়টো কলকাতালৈ স্থানান্তৰ কৰাৰ ফলত অসমৰ চাহ উদ্যোগত বিৰূপ প্ৰভাৱ পৰাটো নিশ্চিত । ইফালে, আলফা(স্বাঃ)ই অসমৰ সম্পদেৰে চহকী হোৱা কোম্পানীটোক সকলো প্ৰশাসনীয় কাৰ্যালয় অসমত স্থাপন কৰাৰ লগতে থলুৱা যুৱক-যুৱতীক নিযুক্তি দিবলৈ সকিয়নী দিছে ।

অন্যথা টাটা টিৰ শীৰ্ষ বিষয়াৰ অসমত প্ৰৱেশ নিষিদ্ধ কৰা আৰু টাটা টিৰ বাগিচসমূহ বন্ধ কৰি দিয়াৰ ভাবুকি দিছে । লক্ষণীয়ভাৱে, বহু আগৰে পৰাই পৰিকল্পিতভাৱে কোম্পানীটোৱে গুৱাহাটীস্থিত কৰ্প'ৰেট কাৰ্যালয় স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । এই ক্ষেত্রত অসম চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত এগৰাকী বিশেষভাৱে সক্ষম মহিলা

ABOUT THE AUTHOR

...view details