অসম

assam

ETV Bharat / state

CAB ৰ বিৰুদ্ধে প্ৰতিবাদত নামিল তৰুণ গগৈ

কেবৰ প্ৰতিবাদত জ্বলিছে সমগ্ৰ অসম ৷ সকলোৰে লগত এইবাৰ কেবৰ বিৰুদ্ধে সাংবাদিকৰ লগত প্ৰতিবাদত নামিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷

By

Published : Dec 10, 2019, 3:46 AM IST

Tarun Gogoi protest against CAB
CAB ৰ বিৰুদ্ধে প্ৰতিবাদত নামিল তৰুণ গগৈ

গুৱাহাটী, 9 ডিচেম্বৰঃসমগ্ৰ অসমৰ বিশাল প্ৰতিবাদকো আওকান কৰিবহু বিতৰ্কৰ পিচত মাজনিশা লোকসভাত গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ তথাপি যেন ক্ষান্ত হোৱা নাই ৰাজ্যৰ চৌপাশে প্ৰতিবাদ ৷ এইবাৰ কেবৰ বিৰুদ্ধে প্ৰতিবাদত নামিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ গুৱাহাটীত সাংবাদিক সকলৰ এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ তেওঁ লগতে কয় যে অসমৰ ৰাইজৰ কথাৰ কোনো গুৰুত্ব নিদিলে কেন্দ্ৰীয় চৰকাৰে আৰু তাৰ প্ৰতিফল সময়ত পাব ৷ অসমৰ ৰাইজে যি ধৰনৰ এই বিধেয়কৰ প্ৰতিবাদ কৰিছে সেয়া সম্পূৰ্ণৰূপে উপেক্ষা কৰিছে চৰকাৰে ৷

CAB ৰ বিৰুদ্ধে প্ৰতিবাদত নামিল তৰুণ গগৈ

ইয়াৰোপৰি অসমৰ ৰাইজক ধৈৰ্য ধৰি শান্তিৰে প্ৰতিবাদ কৰিবলৈ তেওঁ আহ্বান জনায় ৷ মহাত্মা গান্ধীৰ আদৰ্শৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈও আহ্বান জনাই তৰুণ গগৈয়ে ৷ লগতে অসমীয়া মানুহ জাগিলে যুদ্ধ কৰিবলৈও প্ৰস্তুত বুলি তেওঁ মন্তব্য কৰে ৷

আৰু পঢ়কঃমুখ্যমন্ত্ৰীৰ সমষ্টিত থুৱাই-থুৱাই প্ৰতিবাদ যুৱতীৰ

ABOUT THE AUTHOR

...view details