অসম

assam

ETV Bharat / state

ৰাজ্যত কৰ‘ণা ভাইৰাছৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কি ক'লে তৰুণ গগৈয়ে ? - কৰ‘ণা ভাইৰাছৰ শেহতীয়া পৰিস্থিতি

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাজ্যৰ কৰ‘ণা ভাইৰাছৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ৰাজ্য চৰকাৰে ক'ভিড-19 ৰ পৰিস্থিতিক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে বুলি কয় ৷

Tarun Gogoi News
ৰাজ্যত কৰ‘ণা ভাইৰাছৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কি ক'লে তৰুণ গগৈয়ে ?

By

Published : Sep 4, 2020, 9:19 PM IST

গুৱাহাটী, 4 চেপ্টেম্বৰ : ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাজ্যৰ কৰ‘ণা ভাইৰাছৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ৰাজ্য চৰকাৰে ক'ভিড-19 ৰ পৰিস্থিতিক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে বুলি কয় ৷ ৰাজ্য চৰকাৰে পৰিস্থিতিক নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে অধিক জটিল কৰি তুলিছে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

তৰুণ গগৈয়ে লগতে অভিযোগ উত্থাপন কৰি কয় যে, ৰাজ্যত সম্প্ৰতি ক'ভিড-19 ত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে বিছনা, ঔষধৰ লগতে অন্য প্ৰাথমিক সুবিধাসমূহৰ নাটনি হৈছে তথা ইয়াৰ দ্বাৰা এইটো প্ৰমাণিত হৈছে যে কৰ‘ণা ভাইৰাছৰ সৈতে যুঁজিবলৈ ৰণনীতি প্ৰস্তুতৰ বাবে বিভাগসমূহৰ মাজত সঠিক সমন্বয় নাই ৷

তৰুণ গগৈয়ে শাসনাধীষ্ঠ চৰকাৰক ক‘ভিড-19 ৰ প্ৰ‘টকলক কঠোৰ বাবে ৰূপায়ন কৰিবলৈ আহ্বান জনায় ৷ তদুপৰি এই পৰিস্থিতিৰ সৈতে যুঁজিবলৈ সকলো ৰাজনৈতিক দল, বেচৰকাৰী সংগঠন, ছাত্ৰ সংগঠন, সৰকাৰী বিষয়া, এন চি চি, স্কাউড গাইড, নাগৰিক সেৱা আদিৰ সৈতে আলোচনাত মিলিত হৈ সকলোৰে পৰামৰ্শ গ্ৰহণ কৰি পৰিকল্পনা ৰচনা কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : আনলক সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ

ABOUT THE AUTHOR

...view details