নিউজ ডেস্ক,23 নৱেম্বৰ:সোমবাৰে 5.34 বজাত অশীতিপৰ ৰাজনীতিবিদ তৰুণ গগৈয়ে পৰিয়াল তথা অলেখ গুণমুগ্ধক শোক সাগৰত পেলাই চিৰবিদায় মাগিলে ৷ বিগত দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগ তথা ক’ভিড 19 ৰ দ্বাৰা আক্ৰান্ত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ৷ আইচিইউত কৃত্ৰিম শ্বাস-প্ৰশ্বাস লৈ থকা তৰুণ গগৈৰ শৰীৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ অংগ অচল হৈ পৰে ৷ আজি সকলো চেষ্টাক অসাৰ প্ৰতিপন্ন কৰি ৰাজনীতিবিদগৰাকীয়ে ইহসংসাৰৰ পৰা বিদায় মাগে ৷
2001 চনৰ পৰা ধাৰাবাহিকভাৱে তিনিবাৰকৈ অসম বিধানসভাৰ নিৰ্বাচনত অভূতপূৰ্ব বিজয় সাব্যস্ত কৰি 2016 চনলৈ দীৰ্ঘকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত ন্যস্ত আছিল গগৈ ৷ অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ উত্থান অভিযানৰ সেনাপতি হিচাপে চিহ্নিত তৰুণ গগৈৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল স্কুলীয়া দিনতেই ৷ ডাঃ কমলেশ্বৰ গগৈ আৰু ঊষা গগৈৰ সন্তান তৰুণ গগৈয়ে 1934 চনৰ 11 অক্টোবৰত যোৰহাটৰ ৰঙাজান চাহ বাগিচাত জন্ম লাভ কৰিছিল ৷ ৰঙাজান চাহ বাগিচাত থকা ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল গগৈয়ে ৷ পৰৱৰ্তী সময়ত যোৰহাট আৰু ভোলাগুৰি হাইস্কুলত অধ্যয়ন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ 1949 চনত গগৈয়ে যোৰহাট চৰকাৰী হাইস্কুলত নামভৰ্তি কৰিছিল ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত গগৈয়ে জে বি মহাবিদ্যালয়ত নাম ভৰ্তি কৰে ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এলএলবি ডিগ্ৰী গ্ৰহণ কৰি সক্ৰিয় ৰাজনীতিত জড়িত হৈ পৰে তৰুণ গগৈ ৷ ইয়াৰ পিছত অসম বাৰ কাউঞ্চিলত এগৰাকী অধিবক্তাৰূপে কৰ্ম-জীৱনৰ পাতনি মেলে ৷ অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ অধীক্ষক পদতো কিছুদিন চাকৰি কৰিছিল গগৈয়ে ৷ প্ৰয়াত গগৈৰ সংসদীয় ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল যোৰহাট চহৰৰ পৰা ৷
1968 চনত যোৰহাট পৌৰসভাৰ সদস্যৰূপে নিৰ্বাচিত হোৱাৰ পিছত 1971-1985 চনলৈ যোৰহাট লোকসভা সমষ্টিৰ সাংসদৰূপে নিৰ্বাচিত হৈছিল তৰুণ গগৈ ৷ 1976 চনত গগৈয়ে এআইচিচিৰ যুটীয়া সম্পাদক ৰূপে নিৰ্বাচিত হয় ৷ 1983 চনত পুনৰ এআইচিচিৰ যুটীয়া সম্পাদকৰ দায়িত্ব লাভ কৰে গগৈয়ে ৷ 1985 চনত এআইচিচিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা গগৈয়ে 1986-1990 চনলৈ ন্যস্ত আছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদত ৷ 1991 চনত কেন্দ্ৰীয় খাদ্যমন্ত্ৰী (ৰাজ্যিক স্বতন্ত্ৰ) ৰ দায়িত্ব গ্ৰহণ কৰিছিল তৰুণ গগৈয়ে ৷ 1997 চনত অসম বিধানসভাৰ বিধায়কৰূপে নিৰ্বাচিত হয় গগৈ ৷