অসম

assam

By

Published : Feb 8, 2021, 1:32 PM IST

ETV Bharat / state

দিল্লীয়ে আমুৱাইছে তপন-পল্লৱকঃ পুনৰ দিছপুৰলৈ অহাৰ মন

দিল্লী এৰি পুনৰ দিছপুৰলৈ অহাৰ মন তপন কুমাৰ গগৈ আৰু পল্লৱলোচন দাসৰ। সোণাৰি আৰু ৰঙাপাৰাৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ মন মেলিছে পল্লৱলোচন দাস আৰু তপন কুমাৰ গগৈয়ে ।

দিল্লীয়ে আমুৱাইছে তপন-পল্লৱকঃ পুনৰ দিছপুৰলৈ অহাৰ মন
দিল্লীয়ে আমুৱাইছে তপন-পল্লৱকঃ পুনৰ দিছপুৰলৈ অহাৰ মন

গুৱাহাটী, ৮ ফেব্ৰুৱাৰী: দুয়োজনেই এসময়ত আছিল দুটাকৈ ছাত্ৰ সংগঠনৰ দুজনকৈ অত্যন্ত প্ৰভাৱশালী নেতা । সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰিছিল দুয়োজনে । ছাত্ৰ ৰাজনীতিৰ পৰা পোনে পোনে আহি যোগ দিছিল সংসদীয় ৰাজনীতিত । কেৱল যোগ দিয়াই নহয়,একে কোবে আহি দিছপুৰত মন্ত্ৰী হোৱাৰো সৌভাগ্য উদয় হৈছিল দুয়োৰে । কিন্তু বৰ বেছি দিন মন্ত্ৰী হোৱাৰ আমেজ দুয়োজনৰ এজনেও ল'ব নোৱাৰিলে ।

পুনৰ দিছপুৰলৈ অহাৰ মন পল্লৱলোচন দাসৰ !

এই দুজন নেতা হৈছে তপন কুমাৰ গগৈ আৰু পল্লৱলোচন দাস । দলৰ সিদ্ধান্ত মানি বিগত লোকসভা নিৰ্বাচনত নিজৰ ইচ্ছাৰ বিৰুদ্ধে হ'লেও অৱতীৰ্ণ হ'বলগীয়া হ'ল আৰু দিছপুৰক বিদায় দি সাংসদ হৈ দিল্লী পালেগৈ । কিন্তু ৰাজ্য এখনৰ মন্ত্ৰী হৈ থকা আৰু পাঁচ শতাধিক সাংসদৰ মাজত এজন সাংসদ হৈ থকাৰ মাজত বহুত পাৰ্থক্য । সেয়েহে, এতিয়া সুযোগ আহোতেই পুনৰ দিছপুৰলৈ উভতিব বিচাৰিছে দুয়োজনে । ৰাজ্যিক বিজেপিৰ সূত্ৰ অনুসৰি,দুয়োৱে পুনৰ এৰি থৈ যোৱা সমষ্টিক্ৰমে সোণাৰি আৰু ৰঙাপাৰাৰ পৰা নিৰ্বাচন খেলাৰ মন মেলিছে ।

পুনৰ দিছপুৰলৈ অহাৰ মন তপন কুমাৰ গগৈৰ !

ইতিমধ্যে,দলৰ ৰাষ্ট্ৰীয় নেতৃত্বকো এই ইচ্ছাৰ কথা ব্যক্ত কৰিছে দুয়োৱে । কিন্তু ৰাজহুৱাকৈ মুখ খুলিব খোজা নাই । ইপিনে,দুয়োৱে পুনৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব লাভ কৰা বিষয়টোত একপ্ৰকাৰ হেঙাৰ হৈ থিয় দিছে দলৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্তই । ইতিমধ্যে,দলীয়ভাৱে সিদ্ধান্ত লৈ থোৱা আছে যে,এইবাৰৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদকৰ পদত থকা কাকোৱেই প্ৰাৰ্থিত্ব দিয়া নহ'ব । তেওঁলোকে দলৰ হকে কাম কৰিব লাগিব ।

সেই অনুসৰি,তপন কুমাৰ গগৈ আৰু পল্লৱলোচন দাসক ইতিমধ্যে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ দায়িত্ব ন্যস্ত কৰি থোৱা হৈছে । এতিয়া যদি দুয়োকে পুনৰ প্ৰাৰ্থিত্ব দিয়া হয় তেন্তে দলৰ সেই সিদ্ধান্ত সলাব লাগিব । গতিকে মনে বিচাৰিলেই যে এই দুই প্ৰাক্তন ছাত্ৰ নেতাই দিল্লী এৰি দিছপুৰলৈ ঘূৰি আহিব পাৰিব সেয়াও নিশ্চিতভাৱে ক'ব নোৱাৰি ।

লগতে পঢ়ক: গুৱাহাটীত মুকলি হ'ল মহিলাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চ ‘ৱ’মানিয়াছ’

ABOUT THE AUTHOR

...view details