অসম

assam

ETV Bharat / state

শ্বেতা হত্যাকাণ্ডৰ ৰায়ত সুখী ভৰলুমুখ আৰক্ষী

অৱশেষত ন্যায় পালে শ্বেতা আগৰৱালাৰ পৰিয়ালে ৷ শ্বেতাৰ হত্যাকাণ্ড সন্দৰ্ভত ক্ষিপ্ৰতাৰে তদন্ত চলোৱা ভৰলুমুখ আৰক্ষী থানাৰ বিষয়া ভাৰপ্ৰাপ্ত বিষয়া মণিকান্ত চমুৱাই সকলো বিষয়াকে জনালে ধন্যবাদ ৷

By

Published : Aug 3, 2019, 10:39 PM IST

শ্বেতা হত্যাকাণ্ডৰ ৰায়ত সুখী ভৰলুমুখ আৰক্ষী

গুৱাহাটী,3 আগষ্টঃ ২০১৭ চনৰ ৪ ডিচেম্বৰত প্ৰেমিক গোৱিন্দ সিংঘালে মাতৃ কমলা দেৱী আৰু ভগ্নী ভৱানী সিংঘালৰ সৈতে মিলি ভৰলুমুখৰ নিজ গৃহতে শ্বেতাক হত্যা কৰি জ্বলাই দিছিল ৷ ভৰলুমুখ আৰক্ষীয়ে অগ্নিদগ্ধ অৱস্থাত শ্বেতাৰ মৃতদেহ উদ্ধাৰ কৰি আৰম্ভ কৰিছিল তদন্ত প্ৰক্ৰিয়া ৷ অতি ক্ষিপ্ৰতাৰে আৰক্ষীয়ে চলাইছিল তদন্ত । অভিযোগনামাত ৰৈ যোৱা নাছিল কোনো ক্ৰুটি । ইফালে আদালতৰ এই ৰায়ত সুখী ভৰলুমুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিকান্ত চামুৱা। ঘটনাৰ তদন্তৰ লগত জড়িত সকলো বিষয়াকে ধন্যবাদ জনালে ভাৰ‌প্ৰাপ্ত আৰক্ষীগৰাকীয়ে।

শ্বেতা হত্যাকাণ্ডৰ ৰায়ত সুখী ভৰলুমুখ আৰক্ষী

ABOUT THE AUTHOR

...view details