গুৱাহাটী, 10 ডিচেম্বৰ: আজি শ্বহীদ দিৱস। ৰাজ্যজুৰি স্মৰণ কৰা হৈছে অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক ৷ গুৱাহাটীৰ বৰাগাঁৱত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হৈছে শ্বহীদ দিৱস ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰাগাঁৱত নিৰ্মাণ হ'বলগীয়া শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যানৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে ৷ প্ৰায় ৯৯ বিঘা মাটিত ১০ কোটি ব্যয়ৰে নিৰ্মাণ কৰা হ'ব এই শ্বহীদ স্মাৰক ক্ষেত্ৰ ৷ আগন্তুক দুবছৰৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে ৷
শ্বহীদ স্মাৰকক্ষেত্ৰ নিৰ্মাণৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে - swahid divas held in baragaon
গুৱাহাটীৰ বৰাগাঁৱত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হৈছে শ্বহীদ দিৱস ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰাগাঁৱত নিৰ্মাণ হ'বলগীয়া শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যানৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে ৷
অসম মাতৃৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবেই এই পদক্ষেপ হাতত লৈছে চৰকাৰে ৷ উল্লেখযোগ্য যে এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, কেশৱ মহন্ত, সাংসদ কুইন ওজা, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিধায়ক অতুল বৰা, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী, আইনী উপদেষ্টা শান্তনু ভৰালীকে প্ৰমুখ্যে কৰি অসম চৰকাৰৰ আমোলা বিষয়াসকল ৷
লগতে পঢ়ক:ধেমাজি ছাত্ৰ সন্থাৰ উদ্যোগত লুৰিণজ্যোতি গগৈক বিদায় সম্ভাষণ