গুৱাহাটী, ১৬ অক্টোবৰ:শৰতে আনিছে দেৱী দুৰ্গাৰ আগমনৰ বতৰা ৷ শৰতৰ লগে লগে ধৰালৈ নামি আহিছে দেৱী দুৰ্গা । দেৱী দুৰ্গা নামি আহিছে মৰ্ত্যলৈ । দুষ্টক দমন আৰু শান্তক পালন কৰিবলৈ দেৱীৰ আগমন । দুৰ্গা পূজাৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ত হৈ পৰিছে সকলো । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো ব্যাপক আয়োজন চলিছে দুৰ্গা পূজাৰ । ব্য়স্ত হৈছে আয়োজকসকল । সাজু হৈছে গুৱাহাটী পৌৰ নিগম ।
শাৰদীয় দুৰ্গা পূজাৰ বাবে গুৱাহাটীত গুৱাহাটী পৌৰ নিগমে আয়োজন কৰিছে বিশেষ স্বচ্ছতা প্ৰতিযোগিতা। এইবাৰ মহানগৰীৰ পূজা সমিতিসমূহৰ মাজত অনুষ্ঠিত হ'ব স্বচ্ছতা প্ৰতিযোগিতা । সোমবাৰে এই বিষয়ে এক সংবাদমেল যোগে সদৰী কৰিছে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই । তেওঁ কয় যে গুৱাহাটীখন স্বচ্ছ কৰি ৰখাৰ উদ্দেশ্যে এইবাৰ স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । পূজা সমিতিয়ে ইয়াৰ বাবে প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰিব লাগিব বুলি উল্লেখ কৰি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই পুনৰ কয় যে কাগজৰ গ্লাছ, প্লেট ব্যৱহাৰ, বাঁহ-বেতৰ ডাষ্টবিন ব্যৱহাৰ কৰিব লাগিব । পূজা মণ্ডপৰ ভিতৰৰ লগতে কাষৰীয়া ঠাই পৰিস্কাৰ হৈ থাকিব লাগিব বুলিও তেওঁ উল্লেখ কৰে।