গুৱাহাটী,3অক্টোবৰঃ "মুখ্যমন্ত্ৰীৰ মন্তব্য অসমত এতিয়া প্ৰতি ঘৰে ঘৰে শৌচালয়, বিশুদ্ধ পানী যোগানৰ কাম দ্ৰুত গতিত চলি আছে ৷ আগন্তক ২০২২ চনৰ ভিতৰত গোটেই ৰাজ্যই লাভ কৰিব বিশুদ্ধ পানী ।"- বৃহস্পতিবাৰে মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰত স্বচ্ছ ভাৰত অভিযানৰ পঞ্চবৰ্ষপূতি পালন অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷
মহানগৰীৰ খানাপাৰত স্বচ্ছ মহোৎসৱ-২০১৯ - স্বচ্ছ ভাৰত অভিযান
বৃহস্পতিবাৰে মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰত স্বচ্ছ ভাৰত অভিযানৰ পঞ্চবৰ্ষপূতি পালন কৰা হয় । এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ ওপৰি মন্ত্ৰী ৰিহন দৈমাৰী, নৱ কুমাৰ দলে, বিধায়ক ডিম্বেশ্বৰ দাস উপস্থিত থাকে ।
মহানগৰীৰ খানাপাৰত স্বচ্ছ মহোৎসৱ-২০১৯
জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ তম জন্ম জয়ন্তী উপলক্ষে ২ অক্টোবৰ স্বচ্ছ ভাৰত অভিযানৰ পঞ্চবৰ্ষপূতি পালন কৰাৰ অন্তত বৃহস্পতিবাৰে অসমত পালন কৰা হয় স্বচ্ছ মহোৎসৱ ২০১৯ । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ উপৰি মন্ত্ৰী ৰিহন দৈমাৰী, নৱ কুমাৰ দলে, বিধায়ক ডিম্বেশ্বৰ দাস উপস্থিত থাকে । এই অনুষ্ঠানতে ভাষণত প্ৰসংগত প্লাষ্টিকৰ বস্তু বৰ্জন কৰাৰো আহ্বান জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।