অসম

assam

ETV Bharat / state

Kamal Medhi Suspension Case : ভবেন চৌধুৰীৰ ষড়যন্ত্ৰ ! আদালতৰ কাষ চাপিল নিলম্বিত আপ নেতা কমল মেধি - suspended AAP leader Kamal Kumar Medhi

'আপ’ৰ সংবিধানৰ নীতি-নিয়ম উলংঘা কৰি সভাপতি ভবেন চৌধুৰীয়ে নিলম্বন কৰাৰ অভিযোগ কমল কুমাৰ মেধিৰ ৷ আদালতত গোচৰ ৰুজু আপৰ পৰা নিলম্বিত কমল কুমাৰ মেধিৰ । তেওঁৰ মন্তব্য, নিলম্বনৰ পূৰ্বে তেওঁক আত্মপক্ষ সমৰ্থনৰ সুযোগ দিয়া নাছিল আপৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীয়ে ৷

Kamal Medhi Suspension Case
Kamal Medhi Suspension Case

By

Published : Aug 5, 2023, 3:25 PM IST

নিলম্বনৰ বিৰুদ্ধে আদালতত কমল মেধি

গুৱাহাটী, ৫ আগষ্ট : আদালতৰ মজিয়া পালেগৈ কমল কুমাৰ মেধিৰ আপ পৰা নিলম্বনৰ প্ৰসংগ ৷ আপৰ পৰা মেধিক নিলম্বন প্ৰসংগত এটা গোচৰ ৰুজু হৈছে আদালতত ৷ কামৰূপ মহানগৰৰ দেৱানী আদালতত দাখিল কৰা হৈছে এটা গোচৰ ৷ উল্লেখযোগ্য যে যোৱা ৪ জুলাইত 'আপ’ৰ পৰা নিলম্বন কৰা হৈছিল কমল কুমাৰ মেধিক । আপৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীয়ে কমল কুমাৰ মেধিক আকস্মিভাৱে আত্মপক্ষ সমৰ্থনৰ বাবে কোনো সুযোগ নিদিয়াকৈ নিলম্বন কৰিছিল ৷

কমল কুমাৰ মেধিয়ে সিদিনাই এই নিলম্বনক অসাংবিধানিক আখ্যা দি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷ তেতিয়াই আদালতৰ কাষ চপাৰো ইংগিত দিছিল কমল কুমাৰ মেধিয়ে। সেই অনুসৰি কামৰূপ মহানগৰৰ ২নং দেৱানী আদালতত ৩৬৫/২০২৩ নম্বৰত দাখিল কৰা হৈছে এটা গোচৰ ৷ 'আপ’ৰ সংবিধানৰ নীতি-নিয়ম উলংঘা কৰি সভাপতি ভবেন চৌধুৰীয়ে নিলম্বন কৰাৰ অভিযোগ তুলিছিল কমল কুমাৰ মেধিয়ে ৷ আদালতত গোচৰ ৰুজু হোৱাৰ পিছত আপৰ পৰা নিলম্বিত কমল কুমাৰ মেধিৰ মন্তব্য যে নিলম্বনৰ পূৰ্বে মেধিক কোনো কাৰণ দৰ্শোৱাৰ জাননী বা আত্মপক্ষ সমৰ্থনৰ সুযোগ দিয়া নাছিল আপৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীয়ে ৷

লগতে মেধিয়ে কয়, "সংবিধানত ৰাজ্যিক উপ-সভাপতিৰ নিলম্বন পত্ৰত চহী কৰাৰ কৰ্তৃত্বয়ে নাই সভাপতিৰ ৷ নিলম্বনৰ প্ৰস্তাৱ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণহে কৰিব পাৰে ৷ ৰাজ্যিক উপ-সভাপতিৰ নিলম্বনত কেন্দ্ৰীয় সমিতিৰ অনুমোদন বাধ্যতামূলক ৷" কমল কুমাৰ মেধিয়ে প্ৰকাশ কৰিছে যে 'আপ'ৰ সংবিধানৰ এই সকলো নীতি-নিয়ম তেওঁৰ নিলম্বনৰ ক্ষেত্ৰত মানি চলা নাই ৷ স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সংবিধান আইনী ব্যৱস্থাৰ আওতাত থাকে ৷ মীমাংসাৰ বাবে আদালতলৈ যোৱাত আইনৰ অনুমতি আছে ৷

আনহাতে, গোচৰ ৰুজু হোৱাৰ পিছতে পুনৰবাৰ আপৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা গ’ল আপৰ পৰা নিলম্বিত নেতাজন ৷ কমল কুমাৰ মেধিৰ অভিযোগ যে 'তিনি গগৈ'ৰ বিষয়ে তেওঁ মন্তব্য কৰা বিষয়টোক নিলম্বনৰ এক অজুহাত ৰূপেহে গ্ৰহণ কৰিছিল ভবেন চৌধুৰীয়ে ৷ লগতে দলটোৰ মজিয়াত ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰি ভবেন চৌধুৰীয়ে কমল কুমাৰ মেধিক ৰাজনৈতিকভাৱে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ মেধিৰ ৷

লগতে পঢ়ক :B.Ed certificate Scam in Assam : গ্ৰেপ্তাৰ হ’ব ভুৱা বিএড ডিগ্ৰীধাৰী শিক্ষক ! সস্তম শিক্ষা বিভাগ

ABOUT THE AUTHOR

...view details