গুৱাহাটী, ৩১ জুলাই: শুকুৰবাৰে কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লোৱাৰ পিছত আজি অৰ্থাৎ শনিবাৰে বিধায়ক পদো ত্যাগ কৰে সুশান্ত বৰগোঁহাইয়ে (Sushant Borgohain) । আজি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত তেওঁ বিধায়ক পদৰ পৰা অব্যাহতি লৈ পদত্যাগ পত্ৰ দাখিল কৰা কথা আছিল । কিন্তু আজি পুৱাতেই অধ্যক্ষ দৈমাৰীৰ নেতৃত্বত অসম বিধানসভাৰ (assam assambly) সৰ্বদলীয় প্ৰতিনিধিৰ দল এটা অসম-মিজোৰাম (Assam-Mizoram) সীমান্ত অভিমুখে ৰাওনা হোৱাত অধ্যক্ষক হাতে হাতে পদত্যাগ পত্ৰ অৰ্পণ কৰাটো থাওৰাৰ বিধায়কগৰাকীৰ বাবে সম্ভৱ হৈ নুঠিল । যাৰ বাবে বিয়লি তেওঁ পদত্যাগ পত্ৰ অধ্যক্ষগৰাকীলৈ প্ৰেৰণ কৰে ।
উল্লেখযোগ্য যে, কংগ্ৰেছ (congress) দল ইতিমধ্যে ত্যাগ কৰিছে সুশান্ত বৰগোঁহাইয়ে । তেওঁ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব বুলিও ইতিমধ্যে প্ৰকাশ কৰিছে । ইপিনে "হাত" এৰি থৈ হাতত পদুম তুলি ল'ব খোজা সুশান্ত বৰগোঁহাইক লৈ এতিয়া কংগ্ৰেছ দল তল-ওপৰ ৷ শুকুৰবাৰে সুশান্ত বৰগোঁহাইয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত শনিবাৰে তেওঁৰ পদত্যাগ পত্ৰ গৃহীত কৰে প্ৰদেশ কংগ্ৰেছে ৷