অসম

assam

ETV Bharat / state

উৎকণ্ঠাৰ অন্ত : কংগ্ৰেছ এৰি হাতত পদুম তুলি ল’লে সুশান্তই - প্ৰভাৱশালী নেতা

সুশান্ত বৰগোঁহাইৰ বিজেপিত যোগদান কাৰ্যসূচীত দলৰ সভাপতি ভৱেশ কলিতাৰ উপৰিও উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ পল্লৱলোচন দাস, দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠনিক) ফণীন্দ্ৰ নাথ শৰ্মাকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা ।

উৎকন্ঠা অন্ত:কংগ্ৰেছ এৰি "হাত"ত "পদুম" তুলি ললে সুশান্তই
উৎকন্ঠা অন্ত:কংগ্ৰেছ এৰি "হাত"ত "পদুম" তুলি ললে সুশান্তই

By

Published : Aug 1, 2021, 6:23 PM IST

গুৱাহাটী, ১ আগষ্ট : বিগত প্ৰায় এমাহজুৰি ৰাজ্যৰ ৰাজনীতিত চলি থকা চৰ্চা আৰু জল্পনা-কল্পনাৰ অৱসান ঘটাই দেওবাৰে বিয়লি আনুষ্ঠানিকভাৱে বিজেপিত (BJP) যোগ দিলে সুশান্ত বৰগোঁহাইয়ে (susanta borgohain) ৷ শুকুৰবাৰে কংগ্ৰেছ দল (congres) ত্যাগ আৰু শনিবাৰে থাওৰাৰ বিধায়ক পদ ত্যাগ কৰাৰ পিছত দেওবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত প্ৰৱেশ কৰে উজনিৰ এইগৰাকী প্ৰভাৱশালী নেতাই । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সুশান্ত বৰগোঁহাইক বিজেপিলৈ আদৰণি জনায় । সুশান্ত বৰগোঁহাইৰ বিজেপিত যোগদান কাৰ্যসূচীত দলৰ সভাপতি ভৱেশ কলিতাৰ উপৰিও উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ পল্লৱলোচন দাস, দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠনিক) ফণীন্দ্ৰ নাথ শৰ্মাকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা ৷

কংগ্ৰেছ এৰি হাতত পদুম তুলি ল’লে সুশান্তই

তাৎপৰ্যপূৰ্ণভাৱে এই যোগদান কাৰ্যসূচীত সুশান্ত বৰগোঁহাইৰ বিজেপিত যোগদানৰ বিৰোধ কৰি অহা থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা কুশল দুৱৰী উপস্থিত থাকে । আনহাতে, বৰগোঁহাইৰ উপৰিও আন কেইবাগৰাকীও কংগ্ৰেছ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে । এইসকলৰ ভিতৰত অন্যতম হৈছে বৰ্ণালী শইকীয়া বৰা । বৰ্ণালী শইকীয়া বৰা আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ বিশেষ কৰ্তব্যৰত বিষয়া ।

লগতে পঢ়কঃ লামডিং সংৰক্ষিত বনাঞ্চলত বন্য হস্তীৰ বাবে খোৱা পানীৰ ব্যৱস্থা

এসময়ৰ অগপ চৰকাৰৰ প্ৰাক্তন কৃষি মন্ত্ৰী আৰু পৰৱৰ্তী সময়ত কংগ্ৰেছ দলত যোগ দিয়া প্ৰয়াত দেৱ কুমাৰ বৰাৰ পত্নী বৰ্ণালী শইকীয়া বৰা । প্ৰয়াত দেৱ কুমাৰ বৰা আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ মিডিয়া উপদেষ্টা । দেওবাৰে নকৈ বিজেপিত যোগ দিয়া এইসকল নেতাই দলটোক আৰু অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে দলৰ সভাপতি ভৱেশ কলিতাই । পৰৱৰ্তী দিনত কুশল দুৱৰী আৰু সুশান্ত বৰগোঁহাইৰ যুটিয়ে ককাই-ভাইৰ সম্পৰ্কৰে কাম কৰি থাওৰা সমষ্টিক আগুৱাই নিব বুলিও আশা প্ৰকাশ কৰে সভাপতি গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details