গুৱাহাটী, ১৮ এপ্ৰিল:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পুলৱামাকাণ্ড আৰু দুৰ্নীতি সন্দৰ্ভত জম্মু আৰু কাশ্মীৰৰ পূৰ্বৰ ৰাজ্যপাল সত্যপাল মালিকে (Ex Governor Satya Pal Malik controversy) উত্থাপন কৰা অতি গুৰুত্বপূৰ্ণ অভিযোগৰ উত্তৰ দিবলৈ আহ্বান জনাইছে অসম জাতীয় পৰিষদে ৷ মঙলবাৰে এক সংবাদমেলযোগে অসম জাতীয় পৰিষদে এই দাবী তোলে (Asom Jatiya Parishad) ৷
দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, "প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে পুলৱামা ঘটনাৰ (Pulwama surgical strike) চাৰি বছৰৰ মূৰত দেশবাসীৰ আগত ভাৰতীয় জোৱানৰ ওপৰত মাৰাত্মক আক্ৰমণ চলোৱাৰ আঁৰৰ কাহিনী সদৰী কৰা কাৰ্যই দেশবাসীক স্তম্ভিত কৰি তুলিছে ৷ ৰাজ্যপালগৰাকীয়ে দ্বিধাহীন ভাষাত প্ৰকাশ কৰিছে যে, কেন্দ্ৰীয় চৰকাৰৰ ভুলৰ বাবে ৪০ জনকৈ চি আৰ পি এফ জোৱানে প্ৰাণ বিসৰ্জন দিব লগা হৈছিল ৷ গোটেই ঘটনাটোৰ বেলিকা প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় উপদেষ্টা অজিত ডোভালে ৰাজ্যপালগৰাকীক ‘মনে মনে থাকিবলৈ’ কোৱা কথাটোৱে দেশখনত অতি অস্বস্তিকৰ পৰিৱেশ সৃষ্টি কৰিছে ৷ প্ৰধানমন্ত্ৰীয়ে মৌনতা পৰিহাৰ কৰিলেহে কথাবোৰ অধিক স্পষ্ট হ’ব ৷ এই ক্ষেত্ৰত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীৰাজনাথ সিঙৰো ভূমিকা সন্দেহৰ ঊৰ্ধত নহয় (Ajp press meet on Satya Pal Malik controversy) ৷"
লগতে জাতীয় পৰিষদৰ নেতাগৰাকীয়ে কয়, "পুলৱামাৰ ঘটনাত মৃত্যু হোৱা ৪০ গৰাকী নিৰাপত্তাৰক্ষী জোৱানৰ জীৱনৰ সৈতে আপোচ কৰি বিজেপিয়ে ২০১৯ চনৰ নিৰ্বাচন খেলিছে আৰু জিকিছে ৷ প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে পুলৱামাৰ ঘটনাৰ ক্ষেত্ৰত নিৰাপত্তামূলক ব্যৱস্থাবোৰ কেনেকৈ শিথিল কৰা হৈছিল তাৰ সবিশেষ দাঙি ধৰিছে ৷ সকলো কথাই পতিয়ন নিয়াই যে ক’ৰবাত জোৱানৰ নিৰাপত্তাৰ বেলিকা আপোচ কৰা হৈছিল ৷ এই দায়িত্ব প্ৰধানমন্ত্ৰীয়ে মূৰ পাতি লোৱাৰ বাহিৰে কোনো গত্যন্তৰ নাই ৷ মালিকে অভিযোগসমূহ উত্থাপন কৰাৰ কেইবাদিনৰ পিছতো আজিলৈকে প্ৰধান মন্ত্ৰীয়ে কোনো উত্তৰ নিদিয়া বাবে সন্দেহ দিনক দিনে ঘনীভূত হ’বলৈ ধৰিছে ৷ অসম জাতীয় পৰিষদে প্ৰধানমন্ত্ৰীক আৰু অধিক পলম নকৰিবলৈ আহ্বান জনাইছে ৷ অন্যথা প্ৰধানমন্ত্ৰীৰ নেতৃত্বত দেশৰ গোটেই শাসন ব্যৱস্থাটোৰ ওপৰতে জনসাধাৰণে আস্থা হেৰুৱাব ৷" (AJP Slams BJP govt)
মালিকে দাঙি ধৰা আন এটা দিশৰ ওপৰত মন্তব্য কৰি ভূঞাই কয় যে, মালিক গোৱাৰ ৰাজ্যপাল হৈ থাকোঁতে দুৰ্নীতিমূলক কাৰ্যকলাপত বাধা দিছিল আৰু সেইবাবেই মালিকক মাত্ৰ এসপ্তাহৰ মূৰতে গোৱাৰ পৰা অপসাৰণ কৰিছিল ৷ জম্মু আৰু কাশ্মীৰৰ ৰাজ্যপাল হৈ থাকোঁতে দুখন ডাঙৰ আঁচনি অনুমোদন জনাবলৈ আৰএছএছৰ এজন উচ্ছপদস্থ কৰ্মকৰ্তাই মালিকৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল ৷ দুয়োখন আঁচনিৰ অনুমোদন কৰাৰ লগত তিনিশ কোটি টকা অবৈধভাৱে আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি কৰ্মকৰ্তাগৰাকীয়ে দিছিল ৷