অসম

assam

ETV Bharat / state

Syndicate:বৰাকত নতুন ৰূপত আৰম্ভ চুপাৰি আৰু চূণশিলৰ চিণ্ডিকেট - বৰাকত নতুন ৰূপত আৰম্ভ চুপাৰি আৰু চূণশিলৰ চিণ্ডিকেট

নতুন লবীৰ দ্বাৰা নতুন ৰূপত বৰাকৰ পৰা আৰম্ভ হোৱা চিণ্ডিকেটৰ আঁৰত বিজেপি নেতা । অভিযোগ অনুসৰি এজন সাংসদ আৰু এজন বিধায়কৰ নেতৃত্বত বৰাকত আৰম্ভ হৈছে ম্যানমাৰৰ পৰা অহা চুপাৰি আৰু মেঘালয়ৰ পৰা অহা চূণশিলৰ চিণ্ডিকেট । ইফালে কয়লাৰ ছিণ্ডিকেট আৰম্ভ কৰাৰ বাবে কৰিমগঞ্জৰ পৰা আঁতৰোৱা হ'ল কঠোৰ স্থিতি গ্ৰহণ কৰা জিলাখনৰ উপায়ুক্তকো ।

Barak
বৰাকত পুনৰ নতুন ৰূপত আৰম্ভ হৈছে চুপাৰি আৰু চূণশিলৰ চিণ্ডিকেট

By

Published : Nov 17, 2021, 4:26 PM IST

গুৱাহাটী,১৭ নৱেম্বৰ:মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰখনে চিণ্ডিকেটৰ (Syndicate) বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে বৰাকত বিজেপি নেতাই (Bjp leader) নতুন ৰূপত চুপাৰি (Supari) আৰু চূণশিলৰ (Limestone) চিণ্ডিকেট গঢ়ি তোলাৰ অভিযোগ উত্থাপন হৈছে । প্ৰাপ্ত অভিযোগ অনুসৰি কয়লাৰ চিণ্ডিকেট (Coal Syndicate) আৰম্ভ কৰাৰ বাবে ইতিমধ্যে প্রশাসনিক বাধা আঁতৰ কৰোৱা হৈছে । লক্ষণীয় বিষয় যে চিণ্ডিকেটক প্ৰশ্ৰয় নিদিয়াৰ বাবে মাত্র কেইটামান মাহৰ ভিতৰতে সলনি কৰা হ'ল কৰিমগঞ্জৰ উপায়ুক্ত । চিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা বাবেই কম দিনৰ ভিতৰতে এজন উপায়ুক্তক বদলি কৰি চিণ্ডিকেট লবীয়ে নিজৰ পথ সুচল কৰাৰ অভিযোগ উত্থাপন হৈছে ।

বৰাকত পুনৰ নতুন ৰূপত আৰম্ভ হৈছে চুপাৰি আৰু চূণশিলৰ চিণ্ডিকেট

উল্লেখ্য যে ৰাজ্যত চিণ্ডিকেট চলিব নোৱাৰিব বুলি দায়িত্বভাৰ লৈয়েই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল আৰু ব্যাপক অভিযান আৰম্ভ হৈছিল । বৰ্তমানেও অব্যাহত আছে চিণ্ডিকেটৰ বিৰুদ্ধে অভিযান । ম্যানমাৰৰ পৰা চোৰাংকৈ অহা চুপাৰিৰ অন্যতম ব্যৱসায়ী বাবলুকে ধৰি চিণ্ডিকেটৰ সৈতে জড়িত কেইবাজনো ব্যৱসায়ীক আৰক্ষীয়ে ইতিমধ্যে গ্রেপ্তাৰ কৰিছে । কিন্তু তাৰ পাছতো ৰাজ্যত অব্যাহত আছে চিণ্ডিকেট ।

বৰাকত পুনৰ নতুন ৰূপত আৰম্ভ হৈছে চুপাৰি আৰু চূণশিলৰ চিণ্ডিকেট

প্ৰাপ্ত তথ্য মতে চিণ্ডিকেটৰ এইবাৰ নতুন লবীৰ সৃষ্টি হৈছে । অর্থাৎ নতুন লবীৰ দ্বাৰা নতুন ৰূপত বৰাকৰ পৰা চিণ্ডিকেট আৰম্ভ কৰা হৈছে । অভিযোগ অনুসৰি এজন সাংসদ আৰু এজন বিধায়কৰ নেতৃত্বত বৰাকত আৰম্ভ হৈছে ম্যানমাৰৰ পৰা অহা চুপাৰি আৰু মেঘালয়ৰ পৰা অহা চূণশিলৰ চিণ্ডিকেট ।

বৰাকত পুনৰ নতুন ৰূপত আৰম্ভ হৈছে চুপাৰি আৰু চূণশিলৰ চিণ্ডিকেট

ইফালে কয়লাৰ চিণ্ডিকেটো আৰম্ভ কৰাৰ বাবে কৰিমগঞ্জৰ পৰা আঁতৰোৱা হ'ল কঠোৰ স্থিতি গ্ৰহণ কৰা জিলাখনৰ উপায়ুক্তক । কয়লাৰ মূল ব্যৱসায়টো কৰিমগঞ্জৰ মাজেৰে চলে বাবে তাত চিণ্ডিকেট লবীয়ে নিজৰ পচন্দৰ প্রশাসনিক বিষয়াক নিয়োগ কৰিবলৈ সক্ষম হৈছে । যাৰ ফলত এতিয়া চুবুৰীয়া ৰাজ্য বাংলাদেশলৈ বৈধ আৰু অবৈধ সমানেই চূণশিলৰ লগতে কয়লা প্রেৰণ কৰাৰ পথ প্ৰশস্ত হৈ পৰিল ।

বৰাকত পুনৰ নতুন ৰূপত আৰম্ভ হৈছে চুপাৰি আৰু চূণশিলৰ চিণ্ডিকেট

এক ট্রাক চূণশিল বা কয়লা যদি বৈধ পাৰপত্ৰৰে প্রেৰণ কৰে, তাৰ লগত দুই ট্রাক অবৈধ কৈ প্রেৰণ কৰিব পাৰে । যিটো প্রক্রিয়া কেইটামান মাহৰ আগলৈ চলি আছিল । এতিয়া সেই একেটা প্রক্রিয়া আৰম্ভ কৰাৰ বাবে বৰাকত দুজন বিজেপি নেতাই নেতৃত্ব লৈছে ।

এক বিশেষ সূত্ৰে জানিব পৰা মতে বৰাকৰ তিনিওখন জিলা সামৰি নতুন লবীটোৱে নিজৰ অধীনলৈ নিছে চুপাৰি, চূণশিল আৰু কয়লাৰ চিণ্ডিকেট । পূর্বে বৰাকৰ পৰা আৰম্ভ হোৱা চিণ্ডিকেটৰ সৈতে বিভিন্ন ৰাজনৈতিক দলৰ সৈতে সম্পর্ক থকা লোক জড়িত আছিল । কিন্তু এইবাৰ চিণ্ডিকেটৰ সৈতে জড়িত একাংশ প্রভাৱশালী লোকক গ্রেপ্তাৰ কৰাৰ লগতে অভিযান চলাই পূৰ্বৰ চিণ্ডিকেট লবী ভাঙি পেলাই বিজেপি নেতাৰ নেতৃত্বত নতুন লবী সৃষ্টি কৰা হৈছে ।

বৰাকত পুনৰ নতুন ৰূপত আৰম্ভ হৈছে চুপাৰি আৰু চূণশিলৰ চিণ্ডিকেট

ম্যানমাৰৰ পৰা চোৰংকৈ অনা চুপাৰি কাছাৰৰ কালাইনকে ধৰি হাইলাকান্দি জিলাৰ ভৈৰৱী, জামিৰা, লালা, খাৰমূড়া আদি অঞ্চলত মজুত কৰি তাৰ পৰা নতুন লবীটোৱে নতুন ৰূপত চিণ্ডিকেট আৰম্ভ কৰিছে । এই নতুন লবীৰ বলত আজিৰ তাৰিখতো বৰাকৰ পৰা অবৈধভাৱে অহা চুপাৰি ট্রাক গুৱাহাটীৰ মাজেৰে ওলাই যাবলৈ সক্ষম হৈছে । কিছু সংখ্যক ট্রাকে চিৰাং জিলাৰ বিজনীত চুপাৰি আনল'ড কৰাৰ লগতে একাংশ ট্রাকে পোনে পোনে পশ্চিমবংগলৈ চুপাৰি অসমৰ মাজেৰে উলিয়াই নিছে ।

পশ্চিমবংগৰ পৰা আকৌ সেই চুপাৰি ওলাই যায় মহাৰাষ্ট্ৰলৈ । যাৰ বাবে এই চুপাৰিৰ ব্যৱসায়ৰ লগতে বাংলাদেশৰ চূণশিল আৰু কয়লাৰ লাভজনক বজাৰখনৰ প্রতি লক্ষ্য ৰাখি বৰাকত নতুন ৰূপত চিণ্ডিকেট গঢ়ি উঠিছে । চিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এইক্ষেত্রত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Martyr Suman Swargiary ৰ সমাধিৰ কাষত ৰৈ আলফা(স্বা)ক আলোচনাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details