গুৱাহাটী, 31 আগষ্ট : মাত্ৰ 50 শতাংশ বিধায়কৰ উপস্থিতিৰে ক'ভিড প্ৰট'কল মানি মঙলবাৰৰ পৰা আৰম্ভ হোৱা বিধানসভাৰ বৰ্ষাকালীন অধিবেশনত কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । নিয়ম অনুসৰি, অধিবেশনৰ কাৰ্যক্ৰমণিকা চলি থাকিলেও একে সময়তে সদনত উপস্থিত থাকিব নোৱাৰিব সকলো মন্ত্ৰী । এই কথা প্ৰকাশ কৰিলে বিধানসভাৰ প্ৰধান সচিব মৃগেন ডেকাই ৷
লগতে, যিসকল মন্ত্ৰীৰ নিজা নিজা বিভাগৰ প্ৰশ্নৰ উত্তৰ দিবলগীয়া থাকে, সেইসকল মন্ত্ৰীহে বিধানসভাত উপস্থিত থাকিব পাৰিব । বাকী সকল মন্ত্ৰীয়ে সেই সময়ছোৱাত সদনত উপস্থিত থাকিব নোৱাৰিব বুলি সচিব গৰাকীয়ে উল্লেখ কৰে ।