গুৱাহাটী, ১৭ অক্টোবৰ :৫০ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ইণ্ডাষ্ট্ৰিয়েল কো অপাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালী ৷ বেংকৰ এগৰাকী কৰ্মচাৰীয়ে দিয়া 551/21 গোচৰত গ্ৰেপ্তাৰ হৈছে শুভ্ৰজ্যোতি ভৰালী ৷ বেংকৰ 50 কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগত অভিযুক্ত ভৰালী গোচৰ ৰুজু হোৱাৰে পৰা পলাতক হৈ আছিল ৷
অভিযোগ অনুসৰি, বেংকটোৰ প্ৰাক্তন কৰ্মচাৰীকো পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালীয়ে শোষণ কৰিছিল ৷ সঞ্চালক শুভ্ৰজ্যোতি ভৰালীৰ লগতে বেংকটোৰ ৮ জনকৈ বিষয়া ৰাজেশ্বৰ দাস, গণেশ ডেকা, ৰিংকু বৰ্মন, মোহিত চন্দ্ৰ বৰ্মন, নৰেন চন্দ্ৰ মেধি, মুকুল তালুকদাৰ আৰু অনিল চন্দ্ৰ কলিতাৰ বিৰুদ্ধে এজাহাৰত নাম উল্লেখ কৰিছিল নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে ৷ 15 ছেপ্টেম্বৰত ভদ্ৰেশ্বৰ বৰ্মনে পাণবজাৰ থানাত আটাইকেজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৷