অসম

assam

By

Published : Jan 23, 2022, 2:18 PM IST

ETV Bharat / state

ক’ভিডত আক্ৰান্ত হৈছে ছাত্ৰ নেতা কীৰ্তিকমল বৰা

সম্প্ৰতি জিএমচিএইচত চিকিৎসাধীন হৈ আছে নগাঁও আৰক্ষীৰ গুলীত আহত হোৱা নিৰীহ ছাত্ৰ নেতা কীৰ্তিকমল বৰা ৷ ক’ভিডত আক্ৰান্ত হৈছে ছাত্ৰ নেতাগৰাকী (Kirti kamal Bora tested covid positive) ৷ ছাত্ৰ নেতা গৰাকীৰ শাৰিৰীক স্থিতিৰ সন্দৰ্ভত জিএমচিএইচৰ অধ্যক্ষই কি ক’লে চাওক এই প্ৰতিবেদনত ৷

student-leader-kirti-kamal-bora-tested-covid-positive
ছাত্ৰ নেতা কীৰ্তিকমল বৰা

গুৱাহাটী, ২৩ জানুৱাৰী : নগাঁৱত আৰক্ষীৰ গুলীত আহত হোৱা ছাত্ৰ নেতা কীৰ্তিকমল বৰাক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে ৷ শনিবাৰে নিশা প্ৰায় ১২.৩০ বজাত জিএমচিএইচত ভৰ্তি কৰোৱা হয় বৰাক ৷ সম্প্ৰতি তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ যদিও আক্ৰান্ত হৈছে কৰ’ণাত ৷ যাৰ বাবে বৰ্তমান জিএমচিএইচৰ ক’ভিড ৱাৰ্ডত চিকিৎসাধীন হৈ আছে ৷

এই বিষয় সম্পৰ্কে জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই কয় যে, শনিবাৰে নিশা ১২.৩০ বজাত কীৰ্তিকমল বৰাক (২২) ক জিএমচিএইচলৈ অনা হৈছিল ৷ তেওঁক ক’ভিড পৰীক্ষা কৰাত ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে (Kirti kamal Bora tested covid positive) ৷ এটা চিকিৎসকৰ দলে ক’ভিড ৱাৰ্ডত তেওঁৰ চিকিৎসা অব্যাহত ৰাখিছে ৷ সম্প্ৰতি তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসকে সদৰী কৰে ৷ ছাত্ৰ নেতাগৰাকীয়ে মূৰ আৰু হাতত আঘাত পোৱাৰ লগতে সোঁ ভৰিৰ উৰুত আঘাতপ্ৰাপ্ত হোৱাত ভৰিৰ হাড়ডাল ভাগি যোৱা বুলি মন্তব্য কৰে চিকিৎসক শৰ্মাই ৷

ক’ভিডত আক্ৰান্ত হৈছে ছাত্ৰ নেতা কীৰ্তিকমল বৰা

উল্লেখ্য যে, অসম আৰক্ষীয়ে অব্যাহত ৰখা এনকাউন্টাৰ নীতিৰ ভয়ানক পৰিণতিৰ ফলত শনিবাৰে নিশা নগাঁৱৰ কচলুখোৱাত নিৰীহ ছাত্ৰ নেতা কীৰ্তিকমল বৰা এন্টি নাৰ্কটিক স্কোৱাডৰ আৰক্ষী বিষয়াৰ গুলীত আহত হয় ৷ শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত তেওঁ ঔষধ আনিবৰ বাবে ফাৰ্মাচীলৈ আহিছিল । সেই সময়তে কচলুখোৱা ৰাসোৎসৱস্থলীৰ ওচৰত অসামৰিক পোচাকত থকা কেইজনমান আৰক্ষীয়ে কেইজনমান যুৱকক সোধ-পোচ কৰাৰ লগতে মাৰপিট কৰি আছিল ৷

লগতে চাওক:Student Leader Shot by Police : প্ৰতিবাদকাৰীৰ শ্ল’গানেৰে উত্তাল নগাঁৱৰ ৰাজপথ

এই দৃশ্য কীৰ্তিকমল নামৰ ছাত্ৰজনে প্ৰত্যক্ষ কৰি অসামৰিক পোছাকত থকা আৰক্ষীৰ লোককেইজনক ইয়াৰ কাৰণ সোধে । আৰক্ষীৰ লোককেইজনে এই কথাতে কীৰ্তিকমলৰ লগত তৰ্কাতৰ্কিত লিপ্ত হয় ৷ ততালিকে বনিয়া উপাধিৰ এজন আৰক্ষীৰ জোৱানে খঙত অগ্নিশৰ্মা হৈ কীৰ্তিকমলৰ ভৰিলৈ লক্ষ্য কৰি গুলী চলায় (Nagaon Police team allegedly shot a student leader at Kachalukhua in Nagaon) । আৰক্ষীৰ লোককেইজনে কীৰ্তিকমল সুৰামত্ত হৈ আছিল বুলি অভিযোগ কৰিছে ।

তাৰ পিছৰে পৰা ৰাজ্যৰ সৰ্বত্ৰে আৰম্ভ হৈছে ব্যাপক চৰ্চা, প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ ৷ ঘটনা সন্দৰ্ভত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ লগতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

লগতে চাওক:Student Leader Shot by Police : আনন্দ মিশ্ৰৰ পদত্যাগ দাবী বিধায়ক অখিল গগৈৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details