অসম

assam

বৈধ অনুজ্ঞাপত্ৰ অবিহনে চলাব নোৱাৰিব পদপথৰ ব্যৱসায়

By

Published : Jun 13, 2020, 6:38 PM IST

কামৰূপ মহানগৰ প্ৰশাসনে প্ৰদান কৰা এক নতুন নিৰ্দেশনাই বিমোৰত পেলাইছে পদপথৰ ব্য়ৱসায়ী সকলক ৷ কিয়নো এতিয়াৰে বৈধ অনুজ্ঞাপত্ৰ অবিহনে পদপথত ব্যৱসায় চলাব নোৱাৰিব কোনো ব্যৱসায়ীয়ে ৷

as_ghy_01_street_vendor_licence_cut_dc_order_vis_byt_7204039
as_ghy_01_street_vendor_licence_cut_dc_order_vis_byt_7204039

গুৱাহাটী, 13 জুনঃ কামৰূপ মহানগৰ প্ৰশাসনে প্ৰদান কৰা এক নতুন নিৰ্দেশনা অনুসৰি,এতিয়াৰে বৈধ অনুজ্ঞাপত্ৰ অবিহনে পদপথত ব্যৱসায় চলাব নোৱাৰিব কোনো ব্যৱসায়ীয়ে ৷ বৰ্তমান সময়ত অসমত প্ৰায় 15 লাখ পদপথৰ ব্যৱসায়ী আছে ৷ ইয়াৰে গুৱাহাটীত আছে প্ৰায় ৪৮ হাজাৰ পদপথৰ ব্যৱসায়ী ৷

বৈধ অনুজ্ঞাপত্ৰ অবিহনে চলাব নোৱাৰিব পদপথৰ ব্যৱসায়

কামৰূপ মহানগৰ প্ৰশাসনৰ এনে তাৎক্ষণিক সিদ্ধান্তই এতিয়া বিমোৰত পেলাইছে পদপথৰ ব্যৱসায়ী সকলক ৷ প্ৰশাসনক তেওঁলোকে কেইদিনমান সময় দিবলৈ আহ্বান জনাইছে ৷ তদুপৰি সদৌ অসম পদপথ ব্যৱসায়ী সন্থাৰ সদস্য ৰমনী ডেকাই প্ৰশাসনৰ এনে সিদ্ধান্তত আপত্তি দৰ্শাই কয় যে,কৰ্তৃপক্ষই এনে সিদ্ধান্ত লোৱাৰ আগতে কেনেদৰে এই কাম সম্পাদন কৰিব লাগে সেই বিষয়ে ব্যৱসায়ী সকলৰ সৈতে আলোচনা কৰিব লাগে ৷ তেওঁলোকৰ লগত সহযোগ নকৰাকৈ আকস্মিকভাৱে লোৱা এনে সিদ্ধান্ত গ্ৰহণযোগ্য নহয় বুলিও উল্লেখ কৰে সদৌ অসম পদপথ ব্যৱসায়ী সন্থাৰ সদস্য গৰাকীয়ে ৷

লগতে পঢ়কঃবহিঃৰাজ্যৰ পৰা অহা যুৱকক লৈ পথাৰ আৰু বজাৰ দখলৰ প্ৰচেষ্টা

ABOUT THE AUTHOR

...view details