অসম

assam

ETV Bharat / state

বিশ্ব ফাৰ্মাচিষ্ট দিৱস উপলক্ষে বাটৰ নাট প্ৰদৰ্শন - World Pharmacist Day

বিশ্ব ফাৰ্মাচিষ্ট দিৱস(World Pharmacist Day) উপলক্ষে শনিবাৰে গুৱাহাটী মহানগৰীৰ পানীখাইতিস্থিত প্ৰতীক্ষা নাৰ্ছিং ইনষ্টিটিউট(Pratiksha Nursing Institute)ৰ বাটৰ নাট(Street Play) প্ৰদৰ্শন ৷ অন্ধবিশ্বাসৰ বলি হোৱা লোকসকলৰ সজাগতা সৃষ্টি কৰাৰ অৰ্থে এই বাটৰ নাটখনি প্ৰদৰ্শন কৰে প্ৰতিষ্ঠানখনৰ চিকিৎসা কৰ্মীসকলে ৷

street-play
বাটৰ নাট প্ৰদৰ্শন

By

Published : Sep 26, 2021, 1:30 PM IST

গুৱাহাটী, 26 ছেপ্তেম্বৰ : বজাৰ কৰিবলৈ আহিল দুগৰাকী যুৱতী । বজাৰ কৰি থকাৰ মাজতেই পথত ঢলি পৰিল এগৰাকী যুৱতী । ইয়াৰ পাচতেই পথত হুৱা-দুৱা লগাত ওচৰতে থকা কেইবাজনো লোক আহি তুলি ধৰে যুৱতীগৰাকীক । কোনোৱে আনে পানীৰ বটল, আকৌ আন কোনোৱে আনে ORS ৷

বাটৰ নাট প্ৰদৰ্শন

আন একাংশ লোকে যুৱতীগৰাকীক ওচৰতে থকা ফাৰ্মাচীত নিয়াৰ বাবে পৰামৰ্শ দিয়ে । কিন্তু এজন যুৱকে অসুস্থ যুৱতীগৰাকীক ফাৰ্মাচীত নিয়াৰ পৰিবৰ্তে ওচৰতে থকা এজন বাবাৰ ওচৰত নিয়াৰ পৰামৰ্শ দিয়ে । ইয়াৰ পাচতেই যুৱতীগৰাকীক বাবাজনে জৰা-ফুকা কৰি যুৱতীগৰাকীৰ অপদৃষ্টি লগা বুলি উল্লেখ কৰে ৷

বাবাজনে যুৱতীগৰাকীক সুস্থ হোৱা বুলি কৈ যাবলৈ অনুমতি প্ৰদান কৰে । কিন্তু কিছুদূৰ যোৱাৰ পাচতে পুনৰ অসুস্থ হৈ পৰে যুৱতীগৰাকী ৷ অৱশেষত চিকিৎসাৰ বাবে ফাৰ্মাচীলৈ লৈ নিয়া হয় যুৱতীগৰাকীক ৷

বাটৰ নাট প্ৰদৰ্শন

প্ৰকৃততে এয়া আছিল এক নাট্যৰূপহে । বিশ্ব ফাৰ্মাচিষ্ট দিৱস(World Pharmacist Day) উপলক্ষে শনিবাৰে মহানগৰীৰ পানীখাইতিস্থিত প্ৰতীক্ষা নাৰ্ছিং ইনষ্টিটিউটে(Pratiksha Nursing Institute) আয়োজন কৰা বাটৰ নাটৰহে(Street Play) দৃশ্য এয়া ৷

পানীখাইতি বজাৰ চাৰিআলিত প্ৰদৰ্শিত হয় বাটৰ নাটখনি । একবিংশ শতিকা অৰ্থাৎ আজিৰ বিজ্ঞান প্ৰযুক্তিৰ যুগতো একাংশ লোকে অন্ধবিশ্বাসৰ বলি হৈ উপযুক্ত চিকিৎসা গ্ৰহণৰ বিপৰীতে ভণ্ড বাবাৰ চিকিৎসা গ্ৰহণ কৰে ৷ ইয়াৰ বিৰুদ্ধে সজাগতা প্ৰচাৰ কৰাৰ অৰ্থে বাটৰ নাটখনি প্ৰদৰ্শন কৰে প্ৰতিষ্ঠানখনৰ চিকিৎসা কৰ্মীসকলে ৷

বাটৰ নাট প্ৰদৰ্শন

প্ৰতিষ্ঠানখনৰ দ্বাৰা আয়োজিত বাটৰ নাটৰ যোগেদি এনে অন্ধবিশ্বাসক পৰিহাৰ কৰি জন সাধাৰণক অভিজ্ঞ ফাৰ্মাচিষ্ট তথা চিকিৎসকৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিয়া হয় ৷

লগতে পঢ়ক :শীঘ্ৰে গুৱাহাটী মহানগৰীত মুকলি হ'ব আন এখন উৰণীয়া সেঁতু

ABOUT THE AUTHOR

...view details