অসম

assam

ETV Bharat / state

Preparation of Lok Sabha election: বিজেপিৰ তৎপৰতাই নিদ্ৰা হৰিছে বিৰোধী সাংসদৰ - Fight between BPF and UPPL

কংগ্ৰেছৰ দুৰ্গত শাসকীয় দলৰ ব্যাপক কুচ-কাবাজ । বিজেপিয়ে এইবাৰ ৰাজ্যখনত বিৰোধীৰ দখলত থকা আটাইকেইটা সমষ্টি নিজৰ দখললৈ অনাৰ বাবে এতিয়াৰে পৰাই উঠিপৰি লাগিছে (Mission of BJP for Lok Sabha election)। গেৰুৱা দলৰ তৎপৰতাত শংকিত বিৰোধীৰ পাঁচগৰাকী সাংসদ। নগাঁও,কলিয়াবৰ আৰু বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কিৰেণ ৰিজিজুৰ সাংগঠনিক তৎপৰতা ।

Preparation of Lok Sabha election
বিজেপিৰ তৎপৰতাই নিদ্ৰা হৰিছে বিৰোধী সাংসদৰ

By

Published : Nov 2, 2022, 2:13 PM IST

গুৱাহাটী, ২ নৱেম্বৰ:লোকসভা নির্বাচনলৈ মাজত এবছৰ আছে যদিও শাসকীয় দল বিজেপিৰ তৎপৰতা তথা ক্রমবর্ধমান জনপ্রিয়তাই নিদ্ৰা হৰিছে অসমৰ পাঁচ বিৰোধী সাংসদৰ (BJPs preparation of Lok Sabha election)। বিজেপিয়ে নিদ্ৰাহৰণ কৰা অসমৰ বিৰোধীৰ পাঁচ সাংসদ হৈছে কলিয়াবৰৰ গৌৰৱ গগৈ, নগাঁৱৰ প্ৰদ্যুৎ বৰদলৈ, বৰপেটাৰ আব্দুল খালেক, কোকৰাঝাৰৰ নৱ কুমাৰ শৰণীয়া আৰু ধুবুৰীৰ বদৰুদ্দিন আজমল (Opposition MPs in trouble)। অৱশ্যে ধুবুৰীকলৈ বিজেপিয়ে বৰ বেছি মূৰ ঘমোৱা নাই ।

উল্লেখ যে বিজেপিয়ে এইবাৰ ৰাজ্যখনত বিৰোধীৰ দখলত থকা আটাইকেইটা সমষ্টি নিজৰ দখললৈ অনাৰ বাবে এতিয়াৰে পৰাই উঠিপৰি লাগিছে । ৰাজ্যিক বিজেপিৰ নেতৃত্ব,ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Union Minister Sarbananda Sonowal), কিৰেণ ৰিজিজুৰ (Kiren Rijiju) দৰে নেতাও ইতিমধ্যে বিৰোধীৰ দখলত থকা সমষ্টিকেইটা উদ্ধাৰৰ বাবে নামিছে (State BJP leadership preparation for election)। পৰিস্থিতি এতিয়া এনে পৰ্যায়ত উপনীত হৈছে যে সম্মান ৰক্ষাৰ যুঁজত এইবাৰ কংগ্ৰেছ কেনেদৰে অৱতীৰ্ণ হ'ব,তাক লৈ উৱাদিহ নোপোৱা হৈছে ।

বিজেপিৰ তৎপৰতাই নিদ্ৰা হৰিছে বিৰোধী সাংসদৰ

উল্লেখ্য যে বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ দৰে আসন্ন লোকসভা নির্বাচনতো বিজেপিয়ে অগপ আৰু ইউ পি পি এলৰ সৈতে মিত্ৰতাপাশত আবদ্ধ থাকি নির্বাচনী যুঁজত অৱতীৰ্ণ হ'ব (BJPs alliance with AGP and UPPL)। সেই অনুসৰি বিজেপিয়ে ইতিমধ্যে পূর্ণগতিত প্ৰতিটো সমষ্টিতে সাংগঠনিক তৎপৰতা চলাই আছে । মিত্ৰতাৰ সূত্ৰে মিত্ৰদলক কোনো কোনো সমষ্টি এৰিব লগা হ'লেও কিন্তু এই মুহূর্তত বিজেপিয়ে প্ৰতিটো সমষ্টিতে সাংগঠনিক ভেটি সুদৃঢ় কৰি ৰখাত অধিক গুৰুত্ব দিছে ।

ইয়াৰ বিপৰীতে পূৰ্বৰ তুলনাত বিৰোধী শিবিৰ প্ৰায় নিস্তেজ । প্রধান বিৰোধী দল কংগ্ৰেছৰ সাংগঠনিক স্থিতি বিগত লোকসভা তথা বিধানসভা নির্বাচনতকৈ সম্প্ৰতি অধিক দুর্বল (Weak Congress organisational position) । সেই দুৰ্বলতা আঁতৰ কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছে পহিলা নবেম্বৰৰ পৰা ভাৰত জোড়ো যাত্রাৰ শুভাৰম্ভনী কৰিছে (Bharat Jodo of Congress) । অৱশ্যে এই কাৰ্যসূচীয়ে কংগ্ৰেছক কিমান দূৰ সহায় কৰিব সেয়া সময়েহে ক'ব । ইফালে ,বিৰোধী শিবিৰৰ বাবে আন এক চিন্তাৰ কাৰণ হৈছে যে দুই মূল বিৰোধী শক্তি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত ইতিমধ্যে উদ্ভৱ হোৱা বিভাজন (Split Congress and AIUDF)। দুয়োটা দলৰ মাজত চলা অৰিয়া-অৰি তথা মিত্ৰতা বিৰোধী স্থিতিয়ে স্বাভাৱিকতে কলিয়াবৰ, নগাঁও আৰু বৰপেটাৰ আসন তিনিখনক লৈ কংগ্ৰেছ চিন্তাত পৰিছে ।

বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি বাহাল থাকিলে আসন্ন লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফে যে অন্যান্য আসনৰ লগতে কলিয়াবৰ, নগাঁও আৰু বৰপেটাতো দলীয় প্রার্থী থিয় কৰাব সেয়া নিশ্চিত । উক্ত তিনিটা সমষ্টিত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ প্ৰতিদ্বন্দ্বিতা হোৱা মানে বিজেপিৰ বিজয়ৰ সম্ভাৱনা প্ৰকট হৈ পৰিব । ইয়াকে লৈ সমষ্টি তিনিটাৰ সাংসদকেইগৰাকীৰ কাৰ্যতঃ নিদ্ৰাহৰণ হৈছে ।

ইপিনে,একেই অৱস্থা হৈছে কোকৰাঝাৰৰ নিৰ্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়াৰো (Independent MP Naba Kumar Sarania)। যোৱা দুটাকৈ কাৰ্যকাল শৰণীয়াই অবড়োৰ ৰাজনীতি আৰু বি পি এফ-ইউ পি পি এলৰ মাজত হোৱা প্ৰতিদ্বন্দ্বিতাৰ বাবেই জয়লাভ কৰিবলৈ সক্ষম হৈছিল । এইবাৰো তেওঁ একে আশাত বন্দী । বি পি এফ আৰু ইউ পি পি এলৰ মাজত প্রতিদ্বন্দ্বিতা (Fight between BPF and UPPL) হ'লেহে তেওঁ পুনৰ বিজয়ৰ হাঁহি মাৰিব পাৰিব । কিন্তু একে সময়তে সাংসদ শৰণীয়াক উদ্বিগ্ন কৰি তুলিছে বিজেপিৰ ভূমিকাই । নিৰ্বাচনৰ সময়ত এগৰাকী উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাৰ ক্ষেত্ৰত বি পি এফ আৰু ইউ পি পি এল সমৰ্থ নহ'লে শেষ মুহূর্তত বিজেপিয়ে নিজা প্ৰাৰ্থী থিয় কৰোৱাৰ সম্ভাৱনাই প্রকট ।

তেনেদৰে বিজেপিয়ে আত্মপ্রকাশ কৰিলে মিত্ৰতাৰ স্বাৰ্থতে আৰু প্ৰতিপক্ষক প্রতিহত কৰাৰ বাবে বি পি এফ আৰু ইউ পি পি এলে বিজেপিক সমর্থন কৰাৰ সম্ভাৱনা উলাই কৰিব নোৱাৰি । তেনে ৰাজনৈতিক সমীকৰণ চলিলে কোকৰাঝাৰো এইবাৰ বিৰোধীৰ পৰা ওলাই যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । সেইদৰে ধুবুৰীতো এইবাৰ পূৰ্বৰ দৰে নিৰাপদ হৈ থকা নাই বদৰুদ্দিন আজমল (MP Badruddin Ajmal)। আজমলৰ বিৰুদ্ধে কংগ্ৰেছে সবলভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইতিমধ্যে টঙালি বান্ধিছে ।

নতুনকৈ আত্মপ্ৰকাশ কৰা তৃণমূল কংগ্ৰেছ, আপৰ অন্যতম লক্ষ্য হৈছে ধুবুৰী । ইয়াৰ বিপৰীতে বিজেপিৰ মিত্ৰদল অগপই যোৱা দিনকেইটাত ধুবুৰী লোকসভা সমষ্টিত সাংগঠনিকভাৱে যথেষ্ট শক্তিশালী হৈছে । প্ৰাক্তন কংগ্ৰেছী মন্ত্রী মহিবুল হক, এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰৰ দৰে নেতাই ইতিমধ্যে অগপত যোগদান কৰিছে । আসন্ন লোকসভা নির্বাচনত ধুবুৰীৰ আসনখন বিজেপিয়ে মিত্রদল অগপক এইবাৰো এৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ।

বিৰোধী শিবিৰৰ বিভাজনৰ বিপৰীতে শাসকপক্ষৰ তৎপৰতাই সমষ্টিটোৰ সাংসদ বদৰুদ্দিন আজমলৰ নিদ্ৰাহৰণ কৰিছে । কংগ্ৰেছকে ধৰি সকলো বিৰোধীৰ সহায় অবিহনে আজমল যে পুনৰ ধুবুৰীৰ পৰা নিৰ্বাচিত হ’বলৈ সহজ নহ'ব, সেই কথা উপলব্ধি কৰিয়েই এ আই ইউ ডি এফে বাৰম্বাৰ সকলো বিৰোধী মিত্ৰতাৰ প্ৰসংগ উত্থাপন কৰাই নহয়, কংগ্ৰেছ দলক এইক্ষেত্ৰত আগভাগ লোৱাৰো আহ্বান জনাই আহিছে । অৱশ্যে প্ৰদেশ কংগ্ৰেছে এ আই ইউ ডি এফৰ প্ৰস্তাৱক পোনচাটেই নাকচ কৰিছে । কোনো পৰিস্থিতিতে মিত্রতা নকৰাৰ কথা স্পষ্ট কৰি দিছে প্ৰদেশ কংগ্ৰেছে। বৰ্ত্তমান বিজেপিৰ ব্যাপক তৎপৰতাত বিৰোধী শিবিৰৰ পাঁচগৰাকী সাংসদেই শংকিত হৈ পৰিছে ।

লগতে পঢ়ক:IT Department raid: ব্যৱসায়ী তথা ঠিকাদাৰ নৃপেন দাসৰ গুৱাহাটী আৰু দিল্লীৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details