গুৱাহাটী,১৮ এপ্ৰিল: শিৱসাগৰৰ বিধায়ক অখিল গগৈক অৰাজক তত্ত্ব আখ্যা দিলে ৰাজ্যিক বিজেপিয়ে । উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে মঙলবাৰে অখিল গগৈৰ জামিন মঞ্জুৰ কৰে (SC grants bail Akhil Gogoi) । জামিন মঞ্জুৰৰ পাচতে অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগবঢ়োৱা বক্তব্যক লৈ সৰৱ হৈ পৰে ৰাজ্যিক বিজেপি । এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অস্থিৰতা বিয়পাই ৰাজনৈতিক ক্ষমতা লাভ কৰাৰ নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Ranjiv Kumar Sharma slams Akhil Gogoi) ।
আইন-শৃংখলা একোৱেই নামানে অখিল গগৈয়ে । তেওঁ কয় যে, অখিল গগৈয়ে জামিন লাভ কৰাটো এটা আইনী প্ৰক্ৰিয়া । কিন্তু জামিন লাভ কৰাৰ পাছতে অখিল গগৈয়ে দাঙি ধৰা বক্তব্যকলৈ আমাৰ ক'ব লগা আছে বুলি তেওঁ উল্লেখ কৰে (State BJP react on Akhil Gogois comment) । শৰ্মাই কয়, ‘‘অখিল গগৈয়ে অৰাজকতাৰ জৰিয়তে অস্থিৰতাৰ সৃষ্টি কৰি ৰাজ্যৰ সামগ্ৰিক উন্নয়ন ব্যৱস্থা স্থৱিৰ কৰিব খোজে ।’’ বিজেপিয়ে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰা বুলি অখিল গগৈয়ে কৰা অভিযোগ সন্দৰ্ভত তেওঁ কয় যে, বিজেপি শাসনলৈ অহাৰ পাছত ৰাজ্যখনত এটাও সাম্প্ৰদায়িক ঘটনা সংঘটিত হোৱা নাই (Ranjiv Kumar Sharma slams Akhil Gogoi) ।