গুৱাহাটী, ২৯ আগষ্ট : হকীৰ যাদুকৰ মেজৰ ধ্যান চাঁদৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশৰ লগতে অসম অলিম্পিক সন্থায়ো দেওবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰে। অসম অলিম্পিক সন্থাৰ সভাগৃহত আয়োজিত এই অনুষ্ঠানত ক্ৰীড়াবিদজনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে “টকিঅ’ অলিম্পিকৰ পৰ্যালোচনা, অলিম্পিকত অসমৰ খেলুৱৈৰ ভৱিষ্যত আৰু সম্ভাৱনা” শীৰ্ষক এটা বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয় । অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে আঁত ধৰা অনুষ্ঠানটোত বক্তা হিচাপে উপস্থিত থাকে অসমৰ আন্তঃৰাষ্ট্ৰীয় বেডমিন্টন খেলুৱৈ মাধুৰ্য বৰুৱা আৰু বিশিষ্ট ক্ৰীড়া সাংবাদিক প্ৰাৰ্থনা হাজৰিকা ।
ওড়িশা, ৰাজস্থান আৰু হাৰিয়ানাত ক্ৰীড়াক্ষেত্ৰৰ লগত জৰিত হৈ লাভ কৰা অভিজ্ঞতাৰ কথা উল্লেখ কৰি আন্তঃৰাষ্ট্ৰীয় শ্বাটলাৰ বৰুৱাই কয় যে, ক্ৰীড়াৰ বিকাশৰ কাৰণে ৰাজ্য চৰকাৰৰ সঠিক পৰিকল্পনাৰ প্ৰয়োজন । ৰাজ্য চৰকাৰে বাজেটত ক্ৰীড়াৰ বাবে সদায় কমকৈ ধন নিৰ্ধাৰণ কৰে বুলি অভিযোগ কৰি থকা হয় । কিন্তু যিখিনি ধন আৱন্টন দিয়ে সেইখিনিৰ সঠিক ব্যৱহাৰ প্ৰয়োজন বুলি কয় বৰুৱাই ।
অসমত ক্ৰীড়াৰ বাবে কাম কৰিবলৈ ইচ্ছা ব্যক্ত কৰা বৰুৱাই লগতে কয়- অসমত ক্ৰীড়াৰ উন্নতি সাধন কৰিবলৈ হ’লে প্ৰশিক্ষকৰ প্ৰশিক্ষণৰ বিষয়টোত গুৰুত্ব দিব লাগিব । তদুপৰি তৃণমূল পৰ্যায়ত প্ৰতিভা সন্ধানী আঁচনি, গাঁও বা আঞ্চলিক পৰ্যায়ত এগৰাকী খেলুৱৈ আঘাতপ্ৰাপ্ত হ’লে তেওঁৰ চিকিৎসা কেনেকৈ কৰা হ’ব, স্কুল পৰ্যায়ত সঘন প্ৰতিযোগিতাৰ আয়োজন, চেন্টাৰ অৱ এক্সেলেন্স, হাই পাৰফৰমেন্স স্পৰ্টছ চেন্টাৰ স্থাপন আদি বিষয়বোৰত গুৰুত্ব দিব লাগিব ।