গুৱাহাটী ২১ অক্টোবৰ : শাসনলৈ আহিয়েই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে দ্ৰুতগতিত নিবনুৱা সমস্যা সমাধান কৰিব বুলি ঘোষণা কৰিছিল যদিও সেয়া অসাৰ প্ৰতিপন্ন হ’ল ৷ শেহতীয়াকৈ জলসিঞ্চন বিভাগে ১২ অক্টোবৰত প্ৰকাশ কৰা নিযুক্তি পৰীক্ষাৰ ফলাফলত অসন্তুষ্টি তথা স্বজন-তোষণৰ প্ৰশ্ন তুলি প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে ৷
সংবাদমেলত সংগঠনটোৰ সম্পাদক নৃপেন মালাকাৰে কয় যে, উচ্চ ন্যায়লয়ত হোৱা লেখ আবেদন নং ৫৫৩/২০২০ ৰ নিৰ্দেশনা অনুসৰি জলসিঞ্চন বিভাগে অনুষ্ঠিত কৰা ৬৪৩টা পদৰ বিপৰীতে ৪ শতাংশ হাৰত ২৬ টা পদ প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষণৰ কথা উল্লেখ আছে ৷ ন্যয়ালয়ৰ নিৰ্দেশনা থকাৰ পাচতো একমাত্ৰ নিজৰ মুনাফাৰ বাবে নিযুক্তিৰ ফলাফলত বিভাগটোৱে প্ৰতিবন্ধী লোকৰ নাম উল্লেখ নকৰিলে ৷
তেওঁ আনকি কয়, প্ৰতিবন্ধী আইন ২০১৬ ৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি শেহতীয়াভাৱে ৩৯৭টা পদৰ বিপৰীতে ৪ শতাংশ হাৰে ১৬টা পদ পাব লাগিছিল যদিও মাত্ৰ ৯টা পদহে প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষণ কৰা বুলি ফলাফলত দেখা গৈছে ৷ উল্লেখ্য যে, বিভাগটোৱে নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰাৰ সময়তো প্ৰতিবন্ধীৰ বাবে পদ সংৰক্ষণ কৰা নাছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত সংগঠনটো ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত ন্যায়ালয়ে ৪ শতাংশ হাৰত সংৰক্ষণৰ নিৰ্দেশ দিছিল যদিও শেহতীয়াভাৱে ফলাফলৰ পাচত ন্যায়ালয়ৰ নিৰ্দেশনাকো বৃদ্ধাংগুষ্ঠ দেখুৱাহে পৰিলক্ষিত হ’ল ৷
যদিহে শীঘ্ৰে ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি বিভাগটোৱে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ন্যায়ালয়লৈ যোৱাৰ উপৰিও প্ৰতিবন্ধীসকলক কৰা প্ৰতাৰণাৰ বাবে বিভাগৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণেৰে যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব ৷ তেওঁ লগতে কয় যে, বিভাগত শীঘ্ৰে নিযুক্তিৰ বাবে নিৰ্বাচিত প্ৰতিবন্ধীলোকসকলৰ নম্বৰ তালিকা প্ৰকাশ কৰি প্ৰকৃত প্ৰতিবন্ধী লোকসকলক নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰক ৷