গুৱাহাটী ,26 মাৰ্চ : অসমৰ মাজেৰে বহিঃৰাজ্যলৈ চোৰাং বেহা ৷ গুৱাহাটী ৰেল ষ্টেচনত ৰেল আৰক্ষীৰ অভিযানত জব্দ বহু পৰিমাণৰ চোৰাং সামগ্ৰী ৷
ৰেলৱে আৰক্ষীৰ অভিযানঃ বাৰ্মাৰ চিগাৰেট সহ আটক তামিলনাডুৰ মহিলা - railway police
নাগালেণ্ডৰ পৰা তামিলনাডুলৈ চোৰাং সামগ্ৰী নিয়াৰ পথত আটক মহিলাকেইগৰাকী
সোমবাৰে নিশা ৰেল আৰক্ষীৰ অভিযানত বাৰ্মাৰ চিগাৰেটসহ 9 গৰাকীকৈ তামিলনাডুৰ মহিলা আটক হয় ৷ মহিলাকেইগৰাকীৰ পৰা ৰেল আৰক্ষীয়ে 38 বেগ বাৰ্মাৰ চিগাৰেট জব্দ কৰে ৷ তামিলনাডুৰ মহিলাকেইগৰাকীয়ে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা চোৰাং ভাৱে বাৰ্মাৰ বৃহৎ সংখ্যক চিগাৰেট চেন্নাই এক্সপ্ৰেছেৰে তামিলনাডুলৈ নিয়াৰ পথতে গুৱাহাটীত ৰেল আৰক্ষীৰ হাতত আটক হয় ৷ ৰেল আৰক্ষীৰ নিয়মীয়া তালাচীত মহিলাকেইগৰাকীক আটক কৰি সীমা শুল্ক বিভাগক চমজাই দিয়ে ৷ আৰক্ষীয়ে বৰ্তমান মহিলাকেইগৰাকীৰ জেৰা অব্যাহত ৰাখিছে ৷ উদ্ধাৰ হোৱা চিগাৰেটখিনিৰ মূল্য বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও চিগাৰেটখিনিৰ মূল্য তিনি লক্ষ্যাধিক হ'ব বুলি অনুমান কৰা হৈছে ৷
উল্লেখযোগ্য যে , বিগত শুকুৰবাৰে গুৱাহাটী ৰে'ল ষ্টেচনত পাঁচ লক্ষাধিক আমেৰিকান ডলাৰসহ মণিপুৰৰ দুজন যুৱকক ৰেল আৰক্ষীয়ে আটক কৰিছিল ৷