অসম

assam

ETV Bharat / state

Smart Policing Initiative: প্ৰহসনত পৰিণত হৈছে স্মাৰ্ট পুলিচিঙৰ ধাৰণা - smart policing idea has become farce due to poor infrastructure

ৰাজ্যৰ ১৪১ খন থানাত নাই টেলিফোন । বহু থানাত নাই নিজা গাড়ীও । অসম আৰক্ষীত খালী হৈ আছে ১৮ হাজাৰ পদ । অসমত প্ৰতি লাখ লোকৰ বিপৰীতে নিয়োজিত হৈ আছে মাত্ৰ ২০৭ জন আৰক্ষী । কেন্দ্ৰীয় চৰকাৰে অসম আৰক্ষীৰ আধুনিকীকৰণৰ বাবে দিয়া ধনৰো কৰিব পৰা নাই সদব্যৱহাৰ । এনকাউন্টাৰৰ ক্ষেত্ৰত দেশৰ ভিতৰতে তৃতীয় স্থানত অসম আৰক্ষী ।

idea of smart policing has become farce
প্ৰহসনত পৰিণত হৈছে স্মাৰ্ট পুলিচিঙৰ ধাৰণা

By

Published : Feb 18, 2022, 8:37 PM IST

গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী :অসম আৰক্ষীৰ আধুনিকীকৰণৰ নামত কোটি কোটি টকা ব্যয় কৰা হয় যদিও বাস্তৱত বিভাগটোৰ অৱস্থা এতিয়াও উন্নত হৈ উঠা নাই (Smart Policing Initiative) । দুৰ্বল আন্তগাঁঠনিয়ে অসম আৰক্ষীৰ পুতৌজনক ছবিখনকে উন্মোচিত কৰে (smart policing idea has become farce due to poor infrastructure) । কেন্দ্ৰীয় গৃহ বিভাগৰ সংসদীয় কমিটীৰ প্ৰতিবেদন অনুসৰি অসমৰ ১৪১খন আৰক্ষী থানাত সাধাৰণ অথচ অত্যন্ত গুৰুত্বপূৰ্ণ টেলিফোন সংযোগেই নাই ।

লক্ষণীয় বিষয় যে, থানা এখনত টেলিফোন থকাটো অন্যতম জৰুৰী । জৰুৰী সময়ত সাধাৰণ লোকৰ যোগাযোগৰ বাবে থানাত টেলিফোন থকাটো সকলোতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয় । আনহাতে, ৰাজ্যৰ বহুকেইখন থানাত যোগাযোগৰ বাবে প্ৰয়োজনীয় গাড়ীৰ ব্যৱস্থাও নাই । প্ৰতিবেদনখনত উল্লেখ কৰা মতে, ৰাজ্যৰ ৪ খন আৰক্ষী থানাত এখনো গাড়ী নাই ।

অর্থাৎ এনে গাড়ী নথকা থানাৰ অন্তৰ্গত অঞ্চলত কিবা অঘটন ঘটিলে আৰক্ষীয়ে খোজকাঢ়ি নাইবা অন্য কোনো ব্যৱস্থা কৰিহে ঘটনাস্থলীলৈ যাবলগীয়া হয় ।

উল্লেখ যে, অসমৰ দৰেই অৰুণাচল প্ৰদেশৰ আৰক্ষী বিভাগৰ অৱস্থাও অত্যন্ত শোচনীয় । অৰুণাচলৰ ৯১ খন থানাৰ ভিতৰত ৫৪ খন থানাতে নাই কোনো টেলিফোন সংযোগ । চাৰিখন থানাত নাই কোনো গাড়ী । প্ৰতিবেদন অনুসৰি সমগ্ৰ দেশৰ ৬৪৮ খন আৰক্ষী থানত নাই টেলিফোন সংযোগ আৰু দেশৰ ২৫ খন থানাত নাই গাড়ী ।

লগতে পঢ়ক :নতুন বছৰৰ দুটা মাহ সম্পূৰ্ণ নহওতেই চৰকাৰখনে ল'লে ২২৫৩ কোটি টকাৰ ঋণ

আন এক তথ্য অনুসৰি, অসমত প্ৰতি লাখ লোকৰ বিপৰীতে নিয়োজিত হৈ আছে মাত্ৰ ২০৭ জন আৰক্ষী । অৰ্থাৎ ৰাজ্যখনৰ এক লাখ লোকৰ জীৱন আৰু সা-সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীৰ সংখ্যা হৈছে মাত্ৰ ২০৭ জন । অসমৰ এনে শোচনীয় অৱস্থাৰ বিপৰীতে কিন্তু চুবুৰীয়া ৰাজ্য নগালেণ্ডত প্ৰতি লাখ লোকৰ বিপৰীতে ১৩০০ জন আৰক্ষী, মণিপুৰত ৯৪৩ জন আৰক্ষী আৰু অৰুণাচলত ৮৩০ জন আৰক্ষী নিয়োজিত হৈ আছে । ইফালে অসম আৰক্ষীত বৃহৎ সংখ্যক পদো খালী হৈ আছে ।

ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তথ্য মতেই ৰাজ্যখনত খালী হৈ থকা আৰক্ষীৰ পদৰ সংখ্যা হৈছে ১৮ হাজাৰৰো অধিক । লক্ষণীয় বিষয় যে, কেন্দ্ৰীয় চৰকাৰে অসম আৰক্ষীৰ আধুনিকীকৰণৰ বাবে দিয়া ধনৰো সদব্যৱহাৰ কৰিব পৰা নাই । তথ্য অনুসৰি, বিগত দুটা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে অসম আৰক্ষীৰ আধুনিকীকৰণৰ বাবে মুঠ ৫২.৮ কোটি টকা ধার্য কৰিছিল যদিও শেষত উক্ত ধন মোকলাই নিদিলে ।

ইয়াৰ কাৰণ হৈছে পূৰ্বতে কেন্দ্ৰীয় চৰকাৰে উক্ত শিতানত অসমক প্ৰদান কৰা ধন ব্যয় কৰাৰ প্ৰমাণ পত্ৰ আজিলৈকে ৰাজ্য চৰকাৰখনে দাখিল নকৰাৰ বাবেই যোৱা দুটা বিত্তীয় বৰ্ষৰ ধন গৃহ মন্ত্ৰণালয়ে মোকলাই দিয়া নাই । ইফালে এনকাউন্টাৰৰ ক্ষেত্ৰত দেশৰ ভিতৰতে তৃতীয় স্থান অধিকাৰ কৰিছে অসম আৰক্ষীয়ে । এনে এক দুৰ্বল আন্তঃগাঁঠনিৰে অসম আৰক্ষীক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কিদৰে স্মার্ট কৰি তুলিব, সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :আশাভংগ ! মাৰ্ঘেৰিটাত স্থাপন নহ’ব তাপ বিদ্যুৎ প্ৰকল্প

ABOUT THE AUTHOR

...view details