অসম

assam

ETV Bharat / state

নাগালেণ্ডৰ নিৰীহ হত্যাকাণ্ড: এজন মেজৰসহ ৩০ সেনা জোৱানক দোষী সাব্যস্ত - SIT

যোৱা বছৰ নাগালেণ্ডৰ মন জিলাত বিশেষ সেনা বাহিনীয়ে Standard Operation Procedures চমুকৈ এছ অ' পি অনুসৰণ নকৰাকৈ নিয়ম ভংগ কৰি সাধাৰণ নাগৰিকৰ ওপৰত গুলীচালনা কৰিছিল । এই গুলীচালনাত ১৪ জন লোকৰ মৃত্যু হৈছিল । তদন্ত প্ৰতিবেদনে প্ৰকাশ কৰিছে যে সেনাৰ দ্বাৰা ১৪ গৰাকী নিৰাপৰাধী লোকক হতা কৰা হৈছিল ।

নাগালেণ্ডৰ নিৰীহ হত্যাকাণ্ড: এজন মেজৰসহ ৩০ সেনা জোৱানক দোষী সাব্যস্ত
নাগালেণ্ডৰ নিৰীহ হত্যাকাণ্ড: এজন মেজৰসহ ৩০ সেনা জোৱানক দোষী সাব্যস্ত

By

Published : Jun 11, 2022, 9:45 PM IST

Updated : Jun 11, 2022, 9:54 PM IST

গুৱাহাটী, 11 জুন: সমগ্ৰ দেশজুৰি আলোড়ন সৃষ্টি কৰিছিল বিগত বৰ্ষত নাগালেণ্ডৰ মন জিলাত সংঘটিত এটা বিশেষ ঘটনাই ৷ সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA)ৰ ভয়ংকৰ ৰূপ দেখুৱাই ভাৰতীয় সেনাৰ এটা দলে ১৪ জনকৈ নিৰীহ নগা লোকক হত্যা কৰিছিল ৷ দেশজুৰি এই ঘটনাই সৃষ্টি কৰিছিল হাহাকাৰ অৱস্থাৰ ৷

ততাতৈয়াকৈ এই লোমহৰ্ষক ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছিল বিশেষ তদন্তকাৰী গোট (SIT) ৷ এই ঘটনাৰ তদন্ত প্ৰতিবেদন মঙলবাৰে প্ৰকাশ পাইছে । নাগালেণ্ডৰ ডিজিপি টিজে লংকুমাৰৰ দ্বাৰা গঠিত এই SIT এ শণিবাৰে প্ৰকাশ কৰিছে তদন্ত প্ৰতিবেদন ।

এক সংবাদমেলত শণিবাৰে এই কথা সদৰী কৰি নাগালেণ্ডৰ ডিজিপি টিজে লংকুমাৰে কয় যে যোৱা বছৰ নাগালেণ্ডৰ মন জিলাত বিশেষ সেনা বাহিনীয়ে Standard Operation Procedures চমুকৈ এছ অ' পি অনুসৰণ নকৰাকৈ নিয়ম ভংগ কৰি সাধাৰণ নাগৰিকৰ ওপৰত গুলীচালনা কৰিছিল । এই গুলীচালনাত ১৪ জন লোকৰ মৃত্যু হৈছিল । তদন্ত প্ৰতিবেদনে প্ৰকাশ কৰিছে যে সেনাৰ দ্বাৰা ১৪ গৰাকী নিৰাপৰাধী লোকক হতা কৰা হৈছিল ।

উল্লেখযোগ্য যে এই সন্দৰ্ভত সেনাৰ বিৰুদ্ধে পাঁচটা গোচৰ ৰুজু কৰা হৈছিল । নাগালেণ্ড চৰকাৰে গঠন কৰা এই বিশেষ তদন্তকাৰী দলে আদালতত দাখিল কৰা অভিযোগপত্ৰত এই ঘটনাৰ লগত সেনাৰ এজন মেজৰসহ ৩০ জন বিষয়া-জোৱানৰ নাম উল্লেখ কৰিছে (30 Army officer jawan accused for Nagaland civilian killing)। ইয়াৰ ভিতৰত আছে 21 নং বিশেষ সেনা বাহিনীৰ এজন মেজৰ, দুজন চুবেদাৰ, আঠজন হাবিলদাৰ, চাৰিজন নায়ক, ছয়জন লেন্স নায়ক আৰু নজন পেৰাট্ৰুপাৰ ।

লগতে পঢ়ক:অংগনৱাড়ী কেন্দ্ৰই একোটা অঞ্চলৰ সৌন্দৰ্যবৰ্ধন কৰে: যোগেন মহন

Last Updated : Jun 11, 2022, 9:54 PM IST

ABOUT THE AUTHOR

...view details