অসম

assam

ETV Bharat / state

ৰাজকন্যাৰ বাবে বিপদত পৰিব নেকি হোটেল তাজ ভিভাণ্টা ? - Rajkanya Baruah accident case

মহানগৰীৰ ৰাজপথত মাতাল ৰাজকন্যাই সংঘটিত কৰা দুৰ্ঘটনাই বিপদত পেলাইছে সকলোকে । চিকিৎসক নভনীল বৰুৱা আইনৰ ৰোষত পৰাৰ পাচত এইবাৰ হোটেল তাজ ভিভাণ্টা(Taj Vivanta)লৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ । ১০ অক্টোবৰত জাননী প্ৰেৰণ কৰিছিল কামৰূপ মহানগৰ জিলা প্ৰশাসনে ।

Show cause notice to Taj Vivanta
হোটেল তাজ ভিভাণ্টালৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ

By

Published : Oct 12, 2021, 5:39 PM IST

গুৱাহাটী, ১২ অক্টোবৰ: ৰাজকন্যা বৰুৱা(Rajkanya Baruah) কাৰাগাৰলৈ গ'ল । কিন্তু সংকটত পেলাই গ'ল জি এন আৰ চি হাস্পতাল কৰ্তৃপক্ষ, হোটেল তাজ ভিভাণ্টাকো । দুৰ্ঘটনাত আহত হোৱা সকলেও ভুগিছে হাৰাশাস্তি । জি এন আৰ চিত ৰাজকন্যা বৰুৱাক ৰাজ আতিথ্য প্ৰদান, তাজ ভিভাণ্টাত ক'ভিড প্ৰট'কল উলংঘা কৰি নৈশ পাৰ্টীৰ আয়োজন আদি বিষয়ক লৈ চৰ্চা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনেও এইবাৰ ভিভাণ্টা কৰ্তৃপক্ষৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ বাধ্য হ'ল । যোৱা ১০ অক্টোবৰত জিলা প্ৰশাসনে গুৱাহাটীৰ পঞ্চতাৰকা হোটেল তাজ ভিভাণ্টালৈ প্ৰেৰণ কৰিলে কাৰণ দৰ্শোৱাৰ জাননী ।

২৪ ঘন্টাৰ ভিতৰত কাৰণ দৰ্শোৱাৰ বাবে সময় নিৰ্ধাৰণ কৰি দিছিল প্ৰশাসনে । কিন্তু ৭ দিনৰ সময় বিছাৰিছে ভিভাণ্টা কৰ্তৃপক্ষই । ক'ভিড প্ৰট'কল উলংঘা কৰি কিয় নৈশ পাৰ্টীৰ আয়োজন কৰিছিল তাৰ কাৰণ ভিভাণ্টা কৰ্তৃপক্ষই ৭ দিনৰ ভিতৰত দিব লাগিব । উপযুক্ত উত্তৰ নাপালে জিলা প্ৰশাসনে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব হোটেল তাজ ভিভান্টাৰ বিৰুদ্ধে ।

ইফালে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাচতেই এই ঘটনা সন্দৰ্ভত অধিক তৎপৰতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে মহানগৰ আৰক্ষীয়ে । উল্লেখ্য যে, ১ অক্টোবৰৰ নিশা প্ৰায় ১.৩০ বজাত মাতাল অৱস্থাত ৰাজকন্যা বৰুৱাই আঠজনক শ্ৰমিকক বাহনেৰে মহতিয়াই নিছিল ।

এগৰাকী শ্ৰমিকে দুয়োখন ভৰি হেৰুৱাবলগীয়া হৈছিল এই দুৰ্ঘটনাত । আনহাতে, ৰাজকন্যা বৰুৱাক চিকিৎসালয়ত ভৰ্তি কৰোৱাক লৈ জি এন আৰ চিৰ ডাঃ নভনীল বৰুৱাৰ বিৰুদ্ধেও অভিযোগ উত্থাপিত হৈছে । এই গোচৰ সন্দৰ্ভতে চিকিৎসকগৰাকীক গ্ৰেপ্তাৰো কৰা হৈছিল ।

অৱশ্যে তেওঁ এতিয়া জামিন লাভ কৰিছে । ৰাজকন্যা বৰুৱাই সংঘটিত কৰা দুৰ্ঘটনাৰ গোচৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়াৰ লগে লগে ন ন তথ্য পোহৰলৈ আহিছে । ডাঃ নভনীল বৰুৱা, হোটেল তাজ ভিভাণ্টাই নহয়, আন বহু প্ৰতিষ্ঠিত লোকৰ নাম এই গোচৰৰে সাঙোৰ খোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:ৰাজ্যৰ 17 টা ভ্ৰাম্যমান গোষ্ঠীলৈ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য

ABOUT THE AUTHOR

...view details