অসম

assam

ETV Bharat / state

৩১ আগষ্টৰ পৰা বিধানসভাৰ চমু অধিবেশন - বিধান সভাৰ অধিৱেশন

১৮ আগষ্টত অনুষ্ঠিত হ'ব বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠক আৰু সেই বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কি কি নীতি নিয়মৰ মাজত আৰু কিমান দিনলৈ অনুষ্ঠিত হ’ব বিধান সভাৰ অধিৱেশন ৷

৩১ আগষ্টৰ পৰা বিধানসভাৰ চমু অধিবেশন
৩১ আগষ্টৰ পৰা বিধানসভাৰ চমু অধিবেশন

By

Published : Jul 29, 2020, 8:39 PM IST

গুৱাহাটী, 29 জুলাইঃ কৰ’ণা মহামাৰীয়ে সৃষ্টি কৰা ভয়ংকৰ পৰিস্থিতিৰ মাজত বিধানসভাৰ বৰ্ষাকালিন অধিবেশন অনুষ্ঠিত হ'ব নে নহয় তাকে লৈ অনিশ্চয়তাৰ সৃষ্টি হোৱাৰ মাজতে বুধবাৰে ৰাজভৱনৰ পৰা জাৰি কৰা হয় আগন্তুক অধিবেশনৰ অধিসূচনা । সেই অনুসৰি ৩১ আগষ্টৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বৰ্ষাকালীন অধিবেশন ।

৩১ আগষ্টৰ পৰা বিধানসভাৰ চমু অধিবেশন

মঙলবাৰে ইটিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰি অসম বিধানসভাৰ প্ৰধান সচিব মৃগেন ডেকাই কয় যে এই অধিবেশন কিমান দিনলৈ চলিব বা ক'ৰণাৰ এনে পৰিস্থিতিৰ মাজত কি ধৰণৰ নীতি নিয়মৰ মাজত অধিবেশন অনুষ্ঠিত হ'ব সেই সকলো বিষয়ে ১৮ আগষ্টতহে সিদ্ধান্ত লোৱা হ'ব ৷

উল্লেখ্য যে,১৮ আগষ্টত অনুষ্ঠিত হ'ব বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠক আৰু সেই বৈঠকতে এই সকলো বিষয়ৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷ কিন্তু আগন্তুক এই অধিবেশন খুব চমু হোৱাৰ সম্ভাৱনাই অধিক বুলি তেওঁ প্ৰকাশ কৰে ৷

লগতে পঢ়কঃধেমাজিত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details