অসম

assam

ETV Bharat / state

মহানগৰীৰ পদপথত কুকুৰৰ বাবে আশ্ৰয়গৃহ - SHELTER FOR GHY STREET DOG

মহানগৰী গুৱাহাটীৰ ধীৰেনপাৰাৰ চাহিদ আহমেদ নামৰ পশুপ্ৰেমী যুৱকজনে এইবাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে এক ব্যক্তিকর্মী পদক্ষেপেৰে। পদপথৰ কুকুৰৰ বাবে চাহিদে পথৰ কাষত সংস্থাপন কৰিছে আশ্ৰয়গৃহ । চাহিদৰ আশা তেওঁৰ এই পদক্ষেপ অনুসৰণ কৰিব অন্যান্য ব্যক্তি সকলে।

SHELTER FOR GHY STREET DOG
পদপথৰ কুকুৰৰ বাবে আশ্ৰয়গৃহ

By

Published : Nov 27, 2019, 9:12 AM IST

Updated : Nov 27, 2019, 11:52 AM IST

গুৱাহাটী, 27 নৱেম্বৰঃ মহানগৰীৰ ধীৰেনপাৰাৰ চাহিদ আহমেদ নামৰ এইগৰাকী পশুপ্ৰেমী যুৱকে পদপথত থকা কুকুৰ সমূহক শীতৰ পৰা পৰিত্ৰাণ দিবলৈ হাতত লৈছে এক ব্যতিক্ৰমী পদক্ষেপ । সাধাৰণতে পদপথত ঘূৰি ফুৰা কুকুৰ সমূহক আমি জিৰণি লোৱা দেখিবলৈ পাওঁ বাহনৰ তলত অথবা কাৰোবাৰ দোকানৰ সন্মুখত । ফলত বহুসময়ত দুৰ্ঘটনা অথবা পতিত হোৱাৰ লগতে পথচাৰীৰ অত্যাচৰৰ বলি হ'ব লগা হয় পদপথৰ কুকুৰবোৰে ৷ সেয়ে পদপথৰ কুকুৰ সমূহৰ জিৰণি লোৱাৰ ঠাইৰ অভাৱ অনুভৱ কৰি চাহিদে ধীৰেনপাৰা অঞ্চলত পদপথৰ কুকুৰৰ জিৰণি লোৱাৰ বাবে সংস্থাপন কৰিছে পাঁচটাকৈ আশ্ৰয়গৃহ । শীতৰ নিশা পদপথৰ কুকুৰ সমূহে শীতৰ পৰা যাতে নিজকে ৰক্ষা কৰিব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চাহিদে ২০ হাজাৰ টকা ব্যয়ৰে নিৰ্মাণ কৰিছে পাঁচটাকৈ আশ্ৰয়গৃহ।

ইপিনে চাহিদৰ পশুপ্ৰেম দেখি ধীৰেনপাৰা অঞ্চলৰ স্থানীয় বাসিন্দা অৰ্পিতা শইকীয়া নামৰ এগৰাকী অধিবক্তা আগুৱাই আহি কুকুৰৰ এই আশ্ৰয়গৃহ নিৰ্মাণৰ বাবে চাহিদক সহযোগ কৰে । অৰ্পিতা শইকীয়া আৰু চাহিদে নিজৰ গাঁঠিৰ ধন ভাঙি এই আশ্ৰয়গৃহ কেইটা নিৰ্মাণ কৰি অঞ্চলটোত সংস্থাপন কৰে যাতে শীতৰ নিশা পদপথৰ কুকুৰ সমূহে শীতৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে।

পদপথৰ কুকুৰৰ বাবে আশ্ৰয়গৃহ


চাহিদে ইয়াৰ পূৰ্বেও পশু-পক্ষীৰ তৃষ্ণা নিবাৰণৰ বাবে ধীৰেনপাৰাৰ বিভিন্ন অঞ্চলত কেইটাও পানীৰ পাত্ৰ সংস্থাপন কৰিছিল । চাহিদৰ এই পশুপ্ৰেমে অঞ্চলটোৰ বাসিন্দা সকলকো প্ৰভাৱিত কৰিছে আৰু বৰ্তমান বহু লোকে পশু-পক্ষীক বিভিন্ন প্ৰকাৰে সহায় কৰিবলৈ আগুৱাই আহিছে ।

Last Updated : Nov 27, 2019, 11:52 AM IST

ABOUT THE AUTHOR

...view details