অসম

assam

ETV Bharat / state

অনুষ্ঠিত কৰিব পাৰিব পৰম্পৰাগত ম’হযুঁজ : কেবিনেটৰ সিদ্ধান্ত - কেবিনেটৰ সিদ্ধান্ত

জনতা ভৱনত শুকুৰবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ পৰম্পৰাগত ম'হযুঁজ পুনৰ আৰম্ভ কৰাৰ বাবে শুকুৰবাৰে ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে ৷

Important Decisions Taken in the State Cabinet
ৰাজ্যিক কেবিনেটে অনুমোদন

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 9:39 PM IST

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

গুৱাহাটী, 8 ডিচেম্বৰ : ন্যায়ালয়ৰ বাধাৰ বাবে বন্ধ‌ হৈ থকা অসমৰ পৰম্পৰাগত ম'হযুঁজ পুনৰ আৰম্ভ কৰাৰ বাবে শুকুৰবাৰে ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে ৷ জনতা ভৱনত শুকুৰবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে ৷

তেওঁ কয় যে আদালতৰ বাধাৰ বাবে নগাঁৱৰ বিভিন্ন ঠাইৰ লগতে আহঁতগুৰি আৰু উজনি অসমৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ অহা ম'হযুঁজ বন্ধ হৈ পৰিছিল ৷ কিন্তু শেহতীয়াকৈ আদালতে এইক্ষেত্ৰত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পিছত আজি কেবিনেটে অসমৰ বিভিন্ন ঠাইত পৰম্পৰাগতভাৱে হোৱা ম'হ যুঁজ পুনৰ আৰম্ভ কৰাৰ বাবে অনুমোদন জনাইছে ৷ তেওঁ কয় যে, এইক্ষেত্ৰত এছ অ’ পি মানি পৰম্পৰাগত ম’হযুঁজ পাতিব পাৰিব ৰাইজে ৷

আজিৰ কেবিনেটত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিবলৈ দি মন্ত্ৰী বৰুৱাই কয় যে, অসমত খিলঞ্জীয়া মুছলমানৰ জৰীপ কৰাৰ বাবে কেবিনেটে অনুমোদন জনাইছে ৷ লগতে মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, Director of Char Area Delevoment ক নতুনকৈ নামাকৰণ কৰি Director of Minority Affairs and Char area Delevoment কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত কৰা‌ হৈছে ৷ লগতে কেবিনেটে Director of Minority Affairs and Char Area Delevoment ক অসমত খিলঞ্জীয়া মুছলমানৰ জৰীপ কৰাৰ দায়িত্ব দিয়া বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে, অসমৰ প্ৰতিখন পঞ্চায়ততে ডিজিটেল লাইব্ৰেৰী স্থাপন কৰাৰ বাবে প্ৰায় 269.07 কোটি টকাৰ অনুমোদন দিছে কেবিনেটে ৷ ইয়াৰ জৰিয়তে অসমৰ বিভিন্ন ঠাইত, প্ৰতিখন পঞ্চায়ত আৰু কেইবাখনো পৌৰসভাত ডিজিটেল লাইব্ৰেৰী কিশোৰ-কিশোৰী সকলৰ বাবে স্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে, ৰাজ্যৰ 2,197 খন পঞ্চায়তত আৰু 400 খন পৌৰসভাৰ ৱাৰ্ডত এই ডিজিটেল লাইব্ৰেৰী স্থাপন কৰাৰ বাবে কেবিনেটে অনুমোদন জনাইছে ৷

লগতে পঢ়ক :অসমৰ 126 টা বিধানসভা সমষ্টিৰ প্ৰথমখন সংহত খচৰা ভোটাৰ তালিকা প্ৰকাশ

ABOUT THE AUTHOR

...view details