অসম

assam

ETV Bharat / state

14 চেপ্তেম্বৰৰ পৰা বিজেপিৰ 'সেৱা সপ্তাহ' আৰম্ভ - কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল

14 চেপ্তেম্বৰৰ পৰা 28 চেপ্তেম্বৰলৈ বিজেপিয়ে দেশজুৰি পালন কৰিব ' সেৱা সপ্তাহ ' । শনিবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ৷

14 চেপ্তেম্বৰৰ পৰা বিজেপিৰ 'সেৱা সপ্তাহ' আৰম্ভ

By

Published : Sep 8, 2019, 6:57 AM IST

Updated : Sep 8, 2019, 8:04 AM IST

গুৱাহাটী, 08 চেপ্তেম্বৰঃ 14 চেপ্তেম্বৰৰ পৰা 28 চেপ্তেম্বৰলৈ বিজেপিয়ে দেশজুৰি পালন কৰিব ' সেৱা সপ্তাহ ' । শনিবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি এই কথা সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ৷ এই কাৰ্যসূচীৰ জৰিয়তে বিজেপি চৰকাৰে প্ৰতিখন জিলাৰ 100 গৰাকীকৈ বিশেষভাৱে সক্ষম লোকক সহায়ৰ হাত আগবঢ়াব বুলি জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি দৰিদ্ৰ সকলক সহায়ৰ লগতে প্লাষ্টিক বৰ্জন, পানী সংৰক্ষণ আদিৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰো কাৰ্যসূচী হাতত লৈছে বিজেপিয়ে ৷ ইফালে 17 চেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে মোডীৰ জীৱন ধাৰাৰ ওপৰত এখন গ্ৰন্থ উন্মোচন কৰা হ'ব । উল্লেখযোগ্য যে, অসমত বন্ধ হৈ থকা কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবেও কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰি আছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷

14 চেপ্তেম্বৰৰ পৰা বিজেপিৰ 'সেৱা সপ্তাহ' আৰম্ভ
Last Updated : Sep 8, 2019, 8:04 AM IST

ABOUT THE AUTHOR

...view details