গুৱাহাটী, 12 জানুৱাৰী :মহানগৰীৰ মেট্ৰ’ হাস্পতালৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ । মেট্ৰ’ হাস্পতালত আয়ুৰ্বেদিক চিকিৎসকে এলোপেথিক চিকিৎসা কৰাৰ গুৰুতৰ অভিযোগ বীৰ লাচিত সেনাৰ । হাস্পতালখনৰ চিকিৎসক ডাঃ ৰেকিবুৰ ৰহমানৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে । ডাঃ ৰেকিবুৰ ৰহমান পেচাত এজন আয়ুৰ্বেদিক চিকিৎসক ৷
কিন্তু চিকিৎসকগৰাকীয়ে প্ৰায় ডেৰ বছৰ ধৰি চিকিৎসালয়খনত স্নায়ুৰোগ বিশেষজ্ঞ চাহনুৰ ৰহমানৰ লগত Clinical Associate হিচাপে কৰ্মৰত আছিল । লগতে তেওঁ এগৰাকী ৰোগীক ঔষধ আৰু কিছু পৰীক্ষা লিখি দিছিল ৷ এই ঘটনা পোহৰলৈ অহাৰ পিচতেই কেনেকৈ এগৰাকী আয়ুৰ্বেদিক চিকিৎসকে এলোপেথিক ঔষধ লিখি দিব পাৰে তাক লৈ গৰজি উঠিছে বীৰ লাচিত সেনা ।
ইয়াকে লৈ শুকুৰবাৰে নিশা মেট্ৰ হাস্পতালত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয় । বীৰ লাচিত সেনাৰ সদস্যসকলে অতি সোনকালে প্ৰশাসনক বিহিত ব্যবস্থা ল’বলৈ আহ্বান জনায় ৷ অন্যথা সংগঠনটোৱে আইনী প্ৰক্ৰিয়াৰ সহায় ল’ব বুলি জানিবলৈ দিয়ে ৷ আনহাতে মেট্ৰ’ হাস্পতালৰ কৰ্মচাৰী ডাঃ ৰেকিবুৰ ৰহমানৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া অভিযোগ ৷